অসম জাতীয় পৰিষদৰ দামবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

pc Twitter

অসম জাতীয় পৰিষদৰ দামবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদে বজাৰত প্ৰতিবিধ সামগ্ৰীৰে আকাশলংঘী দামবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ‘জাতীয় বিক্ষোভ’ কাৰ্যসূচী ৰূপায়ণেৰে সমগ্ৰ ৰাজ্য উত্তাল কৰি তোলে ।  ‘হয় দামবৃদ্ধি নিয়ন্ত্রণকৰক, নহ’লে চৰকাৰে গাদী এৰক’— মূলতঃ এই শ্লোগানেৰে ৰাজ্যৰ প্ৰায়কেইখন জিলা সদৰত প্ৰতিবাদী কাৰ্যসূচীত চামিল হয় অজাপৰ নেতা কৰ্মীসকল।দলটোৰ কামৰূপ (মহানগৰ) জিলা সমিতিৰ উদ্যোগতো ৰাজ্যৰ আৰ্থিক ৰাজধানীস্বৰূপ গুৱাহাটীৰ ফাঁচীবজাৰতো শতাধিক প্রতিবাদকাৰীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবাজনো কেন্দ্রীয় নেতাই  এই  কাৰ্যসূচীত অংশ গ্ৰহণ  কৰে । প্রতিবাদকাৰীসকলে প্ৰথমতে ফাঁচীবজাৰৰ জেইল বোড পার্কিং এৰিয়াত সমবেত হয় আৰু তাৰ পৰাই সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হয়।হাতে হাতে দামবৃদ্ধি ৰোধ কৰাৰ দাবীত লিখা বিভিন্ন প্লেকার্ড-বেনাৰ আৰু দলীয় পতাকা লৈ প্ৰতিবাদকাৰীসকল অগ্ৰসৰ হওঁতে জেইল ৰোড পুলিচ পইণ্ট আৰু গোৱেংকা চাৰিআলিত আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি বাধা দিয়ে যদিও বেৰিকেড অতিক্ৰম কৰি তেওঁলোক আগবাঢ়ি যায়। গির্জা চাৰিআলিত সমদলকাৰীসকলক মহিলা আৰক্ষী আৰু মহিলা চি আৰ পি এফৰ বৃহৎ দল এটাই আগচি ধৰে। প্ৰথম অৱস্থাত আৰক্ষীৰ সৈতে কিছু ঠেলা-হেঁচা হয়। কিন্তু মহিলা আৰক্ষীৰ সৈতে পুৰুষ প্রতিবাদকাৰীসকলে ঠেলা-হেঁচা কৰিব নিবিচৰাৰ ফলত সেই ঠাইতে প্রতিবাদকাৰীসকল ৰৈ দিয়ে আৰু তাতেই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্রতিবাদকাৰীসকলে ‘দামবৃদ্ধি ৰোধ কৰক’, ‘অসহায় জনসাধাৰণৰ মুখলৈ চাওক’, ‘দামবৃদ্ধি নিয়ন্ত্রণ কৰি নোৱাৰিলে চৰকাৰে গাদী এৰক’, আদি শ্লোদান দিয়ে।