অসমত গো-ধনৰ অবৈধ ব্যৱসায়ৰ এক বৃহৎ ক’লা সাম্রাজ্য গঢ়ি উঠিছে

PC -Facebook

অসমত গো-ধনৰ অবৈধ ব্যৱসায়ৰ এক বৃহৎ ক’লা সাম্রাজ্য গঢ়ি উঠিছে

ৰঙিলী বাৰ্ত্তাসেৱা-    জেহাদীৰ নেটৱৰ্ক ৰাজ্যখনলৈ সম্প্ৰসাৰিত হোৱাৰ ভয়ানক তথ্য পোহৰলৈ অহা তথা কোকৰাঝাৰত দুই কুখ্যাত আন্তঃৰাষ্ট্ৰীয় গৰু সৰবৰাহকাৰী চক্ৰৰ মাফিয়া আৰক্ষী-দুর্বৃত্তৰ সংঘৰ্ষত নিহত হোৱাৰ পাছতেই এই সম্পৰ্কে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত  মন্তব্য কৰে।  ৰাজ্যখনত গৰুৰ চোৰাং সৰবৰাহত প্রায় হাজাৰ কোটি টকাৰ ব্যৱসায় চলি আহিছে। এই চোৰাং ব্যৱসায়ৰ জৰিয়তে আহৰণ কৰা ধনৰ এটা অংশ মৌলবাদী কার্যকলাপ চলাবৰ বাবে জেহাদীৰ হাতলৈ গৈ আছে। অসমত গৰুৰ চোৰাং ব্যৱসায়ৰ ক্ষেত্ৰত মুঠ ৫জন লোকে নেতৃত্ব লৈ আহিছে। তেওঁলোকেই সমগ্ৰ গো-ধনৰ চোৰাং ব্যৱসায়ৰ কিংপিন। তেওঁলোকৰ জৰিয়তেই সমগ্ৰ এই অবৈধ ব্যৱসায় চলি আহিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ সময়ৰ পৰাই এই ৫ কিংপিনক বিগত ১০ মাহে বিচাৰি আছিল। ইয়াৰে দুজনক কেইদিনমান আগেয়ে উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আন তিনিজন এতিয়াও পলাতক অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱা কেইটামান মাহৰ ভিতৰত গৰুৰ চোৰাং ব্যৱসায় কৰি সেইসকলে প্রায় ৮০০ কোটি টকা আহৰণ কৰিছে। ইয়াৰে এটা অংশ সেই কুখ্যাত ব্যৱসায়ীসকলে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত মৌলবাদী কাম-কাজ চলোৱাৰ বাবে জেহাদীক আগবঢ়াই অহাৰ তথ্য পোহৰলৈ আহিছে। বিস্তৃত অনুসন্ধানৰ পাছত এই সম্পৰ্কত আৰু অধিক তথ্য উদ্ধাৰ হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিষয়টো সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে সংবাদ মাধ্যমক যোগাযোগ কৰিবলৈ আহ্বান জনায়।