দক্ষিণ ৰে’লৱে ৰেলপথত চেলফি লোৱাৰ বাবে ২,০০০ টকা জৰিমনা আৰোপ কৰিব 

pc Latestly

দক্ষিণ ৰে’লৱে ৰেলপথত চেলফি লোৱাৰ বাবে ২,০০০ টকা জৰিমনা আৰোপ কৰিব 

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ ৰে’লৱেৰ চেন্নাই বিভাগে ৰে’লপথত বা লোকোমোটিভৰ ওচৰত চেলফি লোৱা ধৰা পৰা ব্যক্তিসকলৰ ওপৰত ২,০০০ টকা জৰিমনা আৰোপ কৰিব। ইয়াৰ উপৰিও, ফুটবোৰ্ডত ভ্ৰমণ কৰি থকা লোকসকলক তিনি মাহলৈকে কাৰাবাস বা ৫০০ টকা জৰিমনা বিহা হ’ব। চেঙ্গালপট্টুৰ ৰেলপথত সংঘটিত দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ কেইসপ্তাহমান পিছত এই পদক্ষেপ লোৱা হৈছে।