গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দল অসম প্ৰদেশৰ সংবাদমেল

গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দল অসম প্ৰদেশৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডা° প্ৰবীন টোগাডিয়াই দলক অধিক সক্ৰিয়তা বঢ়াবলৈ গুৱাহাটীত উপস্থিত হয়৷ইয়াৰ পাছত ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ৯ এপ্ৰিললৈ অসমৰ বিভিন্ন জিলাত কিছু কাৰ্যসূচী হাতত লৈ ভ্ৰমণ কৰিব৷ গুৱাহাটী প্ৰেছ ক্লাবত এই সন্দৰ্ভত সংবাদ মেল আয়োজন কৰি সভাপতি ডা° প্ৰবীন টোগাডিয়াই বাংলাদেশীৰ হাতৰ পৰা অসমৰ সত্ৰ ভূমি মুক্ত কৰা,মাদ্ৰাছা পৰিচালনাৰ বাবে অনুদান আগবঢ়োৱা বন্ধ কৰা আৰু ড্ৰাগছ মুক্ত কৰাক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়৷নেতাগৰাকীয়ে সংবাদ মেলত কয়-ভাৰতৰ এক হাজাৰ ঠাইত দহ হাজাৰ লোকক নিযুক্তি দিয়া হ’ব৷ইয়াত স্থান পাব অসমৰ গামোচা,মেখেলা,চেলেং আদিয়ে৷অসমৰ এক হাজাৰ লোকৰ জৰিয়তে এই সমূহ সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব ভাৰতৰ এশখন ঠাইত৷অসমৰ পাট মুগা আৰু গামোচা দেশৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলে৷নিবনুৱাৰ সংখ্যা হ্ৰাস পাব৷১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি পুনৰীক্ষন কৰি অসমক বাংলাদেশী মুক্ত কৰিব লাগে আৰু ৫০ লাখ বাংলাদেশী বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে৷প্ৰতিখন জিলাত বাংলাদেশীৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে লেব স্থাপন কৰিব লাগে।ডিএনএ পৰীক্ষাৰ জৰিয়তে বাংলাদেশী মুক্ত কৰিব লাগে অসম৷বাংলাদেশী চৰকাৰে লব নিবিচাৰিলে মাটি দখল কৰি উক্ত ঠাইত বহাব লাগিব৷অবৈধ বিদেশী কোনো দেশতে থাকিব নালাগে৷লাচিতৰ আদৰ্শৰে আগবাঢ়ি ১ বছৰৰ ভিতৰত অসমত এটাও বাংলাদেশী মুছলমান থাকিবলৈ দিব নালাগে৷নিবনুৱা ৰোধ নকৰিলে দেশজুৰি আন্দোলন গঢ়ি তোলা হ’ব৷প্ৰতিজন ই শ্ৰম কাৰ্ড থকা ব্যক্তিক বছৰি ৬০০০ টকাকৈ দিব লাগে৷নেশ্বনেল ছেল্ফ এম্প্লইমেন্ট ফৰমে এপ্ৰিলৰ শেষৰ ফালৰ পৰা লাখ লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে অভিযান আৰম্ভ কৰিব৷দেশত দুখীয়াই দুখীয়া হৈ গৈ আছে আৰু ধনীসকল ধনী হৈ গৈ আছে। দেশত ১ শতাংশ জিডিপি বৃদ্ধি হ’লে ১ কোটি চাকৰি হ’ব লাগে৷ভাৰতৰ শেহতীয়া ৩২ বছৰৰ কেন্দ্ৰীয় বিফলতাৰ চাৰ্টিফিকেট হৈছে কাশ্মীৰ ফাইলছ। যদি ’অসম ফাইলছ’ বনাব নালাগে তেনেহ’লে ১ বছৰৰ ভিতৰত ১৯৫১ ক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি পুনৰীক্ষণ কৰি ৫০ লাখ বাংলাদেশী চিনাক্ত কৰিব লাগে৷