নিযুক্তিত অনিশ্চয়তাঃ উৎকণ্ঠাত দিন কটাইছে চাকৰি প্ৰাৰ্থীয়ে

pc digitatalLEARNING Magazine

নিযুক্তিত অনিশ্চয়তাঃ উৎকণ্ঠাত দিন কটাইছে চাকৰি প্ৰাৰ্থীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে নিবনুৱাক কর্মসংস্থান প্রদানৰ নামত যে প্রতিশ্রুতিৰ ফুলজাৰিৰে চাকৰি প্রার্থী শিক্ষিত নিবনুৱা যুৱক যুৱতীক আভুৱা ভাৰি আহিছে তাক দোহৰাৰ প্ৰয়ােজন নাই। মুখ্যমন্ত্ৰীয়ে কার্যভাৰ লৈয়েই ঘােষণা কৰিছিল- এবছৰৰ ভিতৰত ১ লাখ শিক্ষিত নিবনুৱাক কর্মসংস্থান প্রদান কৰিব। বছৰৰ তিনিমাহ পাৰ হ’বৰ হ’ল কিন্তু সেই সােনসেৰীয়া মুখৰ প্রতিশ্রুতিৰ ‘প’টোও পূৰণ নহ’ল। চৰকাৰৰ প্রায় সকলাে বিভাগতে খালী পদৰ সংখ্য গগনচুম্বী, অথচ খালী পদ পূৰণৰ বাবে চৰকাৰৰ গা-নলৰে।- এই মন্তব্য দেউৰী জনজাতি ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰধান সম্পাদক সুমন দেউৰীৰ৷আজি এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ সম্পাদক দেউৰীয়ে কয়-পূর্বৰ সৰ্বানন্দ সােনােৱাল চৰকাৰৰ আমােলত শিক্ষা বিভাগৰ অন্তৰ্গত বিভিন্ন পর্যায়ৰ মুঠ ৩৪ টা খালী পদ পূৰণৰ বাবে বিজ্ঞাপন দিয়া হৈছিল ২০২০ চনৰ ১৫ ছেপ্তেম্বৰত। উল্লেখিত পদ সমূহৰ ২ টা পদ সহকাৰী শিক্ষকৰ (কলা /বিজ্ঞান)। বিজ্ঞাপন প্রকাশৰ লগে লগে চাকৰি প্রার্থী যুৱক-যুৱতীয়ে উথপথপ লগালে আবেদন কৰিবলৈ। তাৰ পাছত সুদীর্ঘ সময় অপেক্ষা সাক্ষাৎকাৰৰ বাবে প্রায় এবছৰৰ অধিক সময়ৰ পাছত উল্লেখিত পদ সমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ল ২০২১ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত। ইয়াৰ পাছত পুনৰ নিমাওমাও। চাকৰি প্ৰাৰ্থীৰ উৎকণ্ঠাৰ অন্ত নাই। সুদীর্ঘ প্রতীক্ষাৰ অন্তত চলিত বৰ্ষৰ ৩০ জানুৱাৰীত উল্লেখিত পৰীক্ষাৰ ফলাফল ঘােষণা কৰা হ’ল৷ লিখিত পৰীক্ষাত সফল আবেদনকাৰীৰ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ল ২০২১ বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত। এতিয়া পুনৰ নিমাওমাও। যােগ্য প্রার্থীক উল্লেখিত পদত নিযুক্তি কেতিয়া দিয়া হ’ব আৰু আশাত বন্দী চাকৰি প্ৰাৰ্থীয়ে কিমান দিন অনিশ্চয়তাত কটাব লাগিব তাৰ কোনাে নিশ্চয়তা নাই। সেয়ে অতি সােনকালে উক্ত নিযুক্তি প্রদানৰ কাম তৎকালীনভাৱে সম্পূর্ণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনালোঁ৷