উদ্যোগী মহিলাসকলৰ অন্তৰ্ভুক্তিৰে সাধাৰণ উদ্যোগীয় বিকাশৰ প্ৰশিক্ষণ 

pc The sentinel Assam

উদ্যোগী মহিলাসকলৰ অন্তৰ্ভুক্তিৰে সাধাৰণ উদ্যোগীয় বিকাশৰ প্ৰশিক্ষণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ মহানগৰ জিলাৰ চানমাৰিস্থিত pc The sentinel Assampc The sentinel Assam,কামৰূপ মহানগৰ আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান তথা গুৱাহাটী পৌৰনিগমৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ উদ্যোগী মহিলাসকলৰ অন্তৰ্ভুক্তিৰে এটি ছয় দিনীয় সাধাৰণ উদ্যোগীয় বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে অসম গ্ৰামীন বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ৰ জেনেৰেল মেনেজাৰ মনোজ দাস,কামৰূপ মহানগৰ জিলাৰ উদ্যোগ বিভাগৰ মেনেজিং ডিৰেক্টৰ উমেশ কুমাৰ,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ চিটি প্ৰজেক্ট মেনেজাৰ শৰ্মিষ্ঠা ডেকা৷বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ননীমা গগৈয়ে৷৩৫ গৰাকী উদ্যোগী মহিলাই অংশগ্ৰহণ কৰা অনুষ্ঠানটোত বিভিন্ন বিভাগৰ সমল ব্যক্তিয়ে পাঠদান কৰাৰ লগতে সামৰণি অনুষ্ঠানত সকলোকে  একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়৷এই প্ৰশিক্ষণৰ জৰিয়তে লাভ কৰা যোগ্যতাৱলী ব্যক্তিগত তথা ব্যৱহাৰিক জীৱনত প্ৰয়োগৰ জৰিয়তে তেওঁলোকৰ অৰ্থনৈতিক বুনিয়াদ সবল কৰাৰ বাবে শুভেচ্ছা কৰা হয়৷