উচ্চ প্ৰাথমিকৰ বিজ্ঞান আৰু অংক শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবী

pc Times of India

উচ্চ প্ৰাথমিকৰ বিজ্ঞান আৰু অংক শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  উচ্চ প্ৰাথমিকৰ বিজ্ঞান আৰু অংক শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবী জনাইছে সদৌ অসম বঞ্চিত উচ্চ প্ৰাথমিক বিজ্ঞান আৰু অংক শিক্ষক সন্থাই৷  দিছপুৰ প্ৰেছ ক্লাবত সংগঠনটোৱে অনুষ্ঠিত কৰা সংবাদ মেলত সভাপতি দেৱজিৎ বৰা আৰু সম্পাদক জামচেদুৰ ৰহমানে কয়- ২০১৭-১৮ বিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ অন্তৰ্ভূক্তি হোৱাৰ হেতুকেই জিলা নিৰীক্ষণ কমিটীয়ে প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক শিক্ষা বিভাগলৈ আমাৰ নামসমূহ প্ৰেৰণ কৰিছিল৷কিন্তু দুখৰ বিষয় ৰাজ্যিক উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে ২০০৯-১০ ৰ ইউ ডাইচত নাম নথকাৰ অজুহাতত নামসমূহ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰে৷আনহাতে ইউ ডাইচত নাম সন্নিবিষ্ট কৰাটো আমাৰ দায়িত্বৰ ভিতৰত নাছিল৷শিক্ষামন্ত্ৰী হৈ থাকোতে ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য কালত ২০২১ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উক্ত পদসমূহ ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে পূৰণ নকৰিলে৷বৰ্তমান প্ৰায় ১৬৫ জন বিজ্ঞান আৰু অংক শিক্ষকক বঞ্চিত কৰি আহিছে৷ঠিক তেনেদৰে ১৫৬ খন বিজ্ঞান শিক্ষক নোহোৱাকৈ চলি থকাটো অতি পৰিতাপৰ বিষয়৷ এখন বিদ্যালয়ৰ বিজ্ঞান শিক্ষক থকাটো ২০১৭ আইন মতে বাধ্যতামূলক৷যিহেতু বিজ্ঞান শিক্ষকৰ ওপৰতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ তথা ভৱিষ্যত নিৰ্ভৰ কৰে৷২০১৭ আইন মতে এজন শিক্ষকৰ নিম্নতম কাৰ্যকাল শিক্ষক নিযুক্তিৰ পৰা ৬ বছৰ হ’ব লাগে৷অৰ্থাৎ শিক্ষকজন বিদ্যালয়লমত ২০১০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত নিযুক্তি বুলি উল্লেখ আছে৷