নিবনুৱা সমস্যা সমাধান- জয়ন্ত কলিতা

pcBusiness Today

নিবনুৱা সমস্যা সমাধান

জনসংখ্যা বৃদ্ধিৰ লগে লগে সাম্প্রতিক কাল চোৱাত নিবনুৱা সমস্যাই অসমত বলপূৰ্ৱক ভাৱে মূৰ দাঙি ধৰিছে।ইয়াৰ কাৰন বুলি কলে মুলতঃ জনসংখ্য বৃদ্ধি,উপযুক্ত কৰ্ম সংস্থাপনৰ অভাৱৰ দৰে অতি সহজলভ্য কেইটামান উদাহৰণ দাঙি দিয়া হয়। আচলতে আমি ইয়াৰ তথ্য ভিত্তিক বিশ্লেষণ কৰা দৰকাৰ।

নিবনুৱা সমস্যা বুলিলে কৰ্ম -সংস্থাপন নোহোৱা শিক্ষিত লোককহে নিবনুৱা বুলি কোৱা হয়।এই শিক্ষিত লোক সকলে শিক্ষাৰ অন্তত কৰ্ম সংস্থাপনৰ উৎস লাভ নকৰাৰ ফলত নিবনুৱা সমস্যা সৃষ্টি হয়।

আজি এটাৰ পিছত এটা ৰাজনৈতিক দলে অসমত চৰকাৰ গঠন কৰি আহিছে আৰু গৈছে।তেওঁ লোকে সাধাৰন জনতাক উন্নয়নৰ চমক দেখুৱাবলৈ গাঁৱে-ভূঞে, চহৰে- নগৰে, চুকে – কোনে,অলিয়ে-গলিয়ে প্রয়োজনতকৈ অধিক শিক্ষা অনুষ্ঠান সমূহ গঢ় দি চমক সৃষ্টি কৰি আহিছে পিছে আনফালে আকৌ অসমৰ বৃহৎ বৃহৎ কৰ্ম সংস্থাপনৰ উৎস যেনেঃ- ৰঙিয়াৰ বৃহৎ বস্ৰ উদ্যোগ, জাগিৰোডৰ বৃহৎ কাগজ উদ্যোগৰ উপৰিও কেইবাখনো চনিকল (চেনি উদ্যোগ) আদি বন্ধ কৰি আহিছে।ইয়াৰ বিপৰীতে কিন্তু নতুনকৈ এনে কোনো ধৰনৰ উদ্যোগ বা কৰ্ম সংস্থাপনৰ উৎস অসমত আজিলৈ চৰকাৰৰ দ্বাৰা গঢ় দিয়া হোৱা নাই। যাৰ ফলশ্ৰুতিত আজি নিবনুৱা সমস্যাই আমাৰ অসমত বলপূর্বক ভাৱে মুৰ দাঙি ধৰিছে।

গতিকে আজিৰ প্রেক্ষাপটত অসমত কৰ্ম সংস্থাপনৰ উৎস অতি কৈ প্রয়োজন হৈ পৰিছে।কেৱল শ শ বিদ্যালয় গঢ়ি চমক সৃষ্টি কৰাত ব্যস্ত থাকিলে অসমত শিক্ষাৰ কোনো মূল্য বা উদ্দেশ্য নাথাকিব কেৱল মাত্ৰ অসমৰ ঘৰে ঘৰে এজন এজন গ্রেজুৱেট নিবনুৱাহে সৃষ্টি হব।
শেষত এই সমস্যা সমাধানৰ বাবে চৰকাৰে নতুন পৰিকল্পনা আৰু উপযুক্ত কৰ্ম সংস্থাপনৰ ঠাই গঢ়ি তোলা টো অতি দৰকাৰ।

জয়ন্ত কলিতা
ৰঙিয়া (তুলসীবাৰী)
ফোনঃ৮৪৫৪৩২৬৪৫২০