অৱসৰপ্ৰাপ্ত সৈনিকলৈ সৈনিক কল্যাণ সঞ্চালকালয়ৰ নির্দেশনা 

pc Meghalaya Job portal

অৱসৰপ্ৰাপ্ত সৈনিকলৈ সৈনিক কল্যাণ সঞ্চালকালয়ৰ নির্দেশনা 

ৰঙিলী বাৰ্ত্তাসেৱা-  সৈনিক সঞ্চালকালয়, অসমে অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ প্রত্যেকক নিজৰ মােবাইল ফোন নম্বৰ আৰু ই-মেইল আই ডি নিজ নিজ ৰেকৰ্ড অফিচত জমা দিবলৈ জনাইছে। ৰাজ্যিক তথা জিলা সৈনিক কল্যাণ বিভাগত ইয়াৰ বাবে নির্দিষ্ট প্ৰ-পত্ৰ পােৱা যায়। অৱসৰপ্ৰাপ্ত সৈনিকসকলে নিজ পেঞ্চন একাউন্ট, পানকার্ড আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মােবাইল নম্বৰৰ নিজৰ ডিচার্জ বুক আৰু পিপিঅ‘ সহ জিলা কল্যাণ বিভাগৰ কার্যালয় অথবা ৰাজ্যিক সৈনিক অফিচত যােগাযােগ কৰিব লাগিব। মােবাইল নম্বৰ অথবা ই-মেইল আইডি পেঞ্চন সম্পর্কীয় মেছেজ আহিলে সেয়া ডিলিট নকৰিবলৈও সৈনিক সঞ্চালকালয়ে অৱসৰপ্ৰাপ্ত সৈনিকসকললৈ অনুৰােধ জনাইছে। মেছেজটোবুজি পােৱাত কিবা অসুবিধা হলে তেওঁলােকে জিলা কল্যাণ বিভাগৰ কাৰ্য্যলয়ত যােগাযােগ কৰিব পাৰিব বুলিও সঞ্চালকালয়ে জানিবলৈ দিছে।