বাৰ্ত্তাসেৱা – ৰাজ্যখনৰ কোভিড চিকিৎসাৰ এক বৃহৎ অৱদান হিচাপে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰই এছ বি আইৰ ফাউণ্ডেছনৰ সহযোগত গুৱাহাটী চিকিৎসা মহাাবিদ্যালয় হস্পিতাললৈ ১২০ খন আই চি ইউ বিচনা আগবঢ়ায়। এই বিছনা হস্পিতালখনৰ সম্প্ৰসাৰিত কোভিড আই চি ইউত ব্যৱহাৰ কৰা হ’ব। উল্লেখ্য যে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কক্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক সুৰঞ্জনা দত্তৰ উপস্থিতিত ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহাপ্ৰবন্ধক আৰ এছ ৰমেশে আই চি ইউ বিছনাৰ এই অনুমোদনপত্ৰ মুখ্যমন্ত্ৰীক অৰ্পন কৰে। মুখ্যমন্ত্ৰীয়ে আই চি ইউ বিছনা প্ৰদান কৰাৰ বাবে ষ্টেট বেংক কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। বেংকটোৰ এই পদক্ষেপে ৰাজ্যখনৰ এই জটিল কোভিড ৰোগীসকলৰ বাবে উন্নত চিকিৎসাসেৱা অধিক শক্তিশালী কৰি তুলিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।