’জীৱনৰ বিচিত্ৰ ৰং’ আৰু ’ভিন্ন দেশ বিদেশৰ ভিন্ন অভিজ্ঞতা’ গ্ৰন্থ উন্মোচন

’জীৱনৰ বিচিত্ৰ ৰং’ আৰু ’ভিন্ন দেশ বিদেশৰ ভিন্ন অভিজ্ঞতা’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- গীতানগৰ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত লেখিকা দীপাঞ্জলি ভট্টাচাৰ্যৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়৷সম্পাদিকা মালাশ্ৰী লস্কৰ বৰাই আঁত ধৰা সভাত গল্প সংকলন ‘জীৱনৰ বিচিত্ৰ ৰং’ গ্ৰন্থখন উন্মোচন কৰি লেখিকা, গীতিকাৰ, সাহিত্যিক জীমণি চৌধুৰীয়ে কয়- অসমীয়া গ্ৰন্থ প্ৰকাশ পালে আমি আনন্দিত হওঁ৷অসমীয়া মহিলাই হাতত কলম তুলি লোৱাটো সুখৰ কথা৷মহিলাৰ অনুভূতি পুৰুষতকৈ বেলেগ৷আজিকালি মহিলাই লিখিবলৈ লৈছে৷ গ্ৰন্থই পাঠকৰ মন আধুনিক কৰে৷উপদেষ্টা বৰ্ণালী তালুকদাৰে পৌৰোহিত্য কৰা সভাত প্ৰাক্তন অধ্যাপক ড° আলপনা সৰকাৰ ডেকাই ভ্ৰমণ কাহিনী ‘ভিন্ন দেশ বিদেশৰ ভিন্ন অভিজ্ঞতা’ গ্ৰন্থখন উন্মোচন কৰে৷সভাত কন্ঠ শিল্পী মীৰা দাস চহৰীয়া,কুইন দাস,ৰূপাঞ্জলি হাজৰিকা বৰুৱাক সম্বৰ্ধনা জনায়৷তেওঁলোক তিনিওজনে গীত পৰিৱেশন কৰি উপস্থিত আটাইকে মন্ত্ৰমুগ্ধ কৰে৷প্ৰাৰম্ভণিতে সদস্যবৃন্দই গীত পৰিৱেশন কৰা সভাত কোকিলকন্ঠী লতা মংগেশকাৰ,বিশিষ্ট সংগীতজ্ঞ বাপ্পী লাহিড়ীৰ মৃত্যুত এক মিনিট মৌনতা অৱলম্বন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামানা কৰে৷