‘হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা প্ৰদান অনুষ্ঠান, চাৰিখন শিশু গ্ৰন্থ উন্মোচন

‘হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা প্ৰদান অনুষ্ঠান, চাৰিখন শিশু গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-   ‘শিশুক যিমান পাৰি সিমান প্ৰশ্ন কৰিবলৈ দিব লাগে৷ কিয়নো অতি প্ৰশ্ন কৰি থকাৰ শিশুৰ পৰাই আমি ভৱিষ্যতে সমাজ গঢ়া লোক বিচাৰি পাম’– শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’ৰ উদ্যোগত আয়োজিত শিশু সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই এইদৰে কয়৷  তেওঁ  আৰু কয় যে ‘সাধুকথাৰ মাধ্যমেৰে ভাষাৰ প্ৰতি শিশুক আকৰ্ষিত কৰিব পাৰি৷ আমাৰ অভিভাৱকসকলে সাধুকথা শুনাই শিশুসকলৰ সৈতে ভাষাৰ অনুশীলন কৰাটো উচিত৷ কিয়নো সাধুকথাৰ মাধ্যমেৰে ভাষাটো যিমান শিকাব পাৰি আন একো মাধ্যমেৰে নোৱাৰি’ ৷ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘গতি অসম’ আৰু ‘হিয়াৰ ৰামধেনু’ৰ উদ্যোগত পাণবজাৰৰ ‘বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিশু সাহিত্য পাণ্ডুলিপি প্ৰতিযোগিতাৰ উপন্যাসৰ বাবে শিৱসাগৰৰ ডিমৌৰ পদ্মা লাহন চেতিয়াক ‘কৃপানাথ বৈশ্য হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা’, গল্পৰ বাবে নগাঁৱৰ প্ৰতিভা ভাগৱতী শৰ্মাক ‘তিলোত্তমা বৈশ্য হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা’ আৰু কবিতাৰ বাবে গুৱাহাটীৰ ভূপেন পাটোৱাৰীক ‘লাৱণ্য শইকীয়া হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা’ প্ৰদান কৰা হয় ৷ এই বঁটাত নগদ পাঁচ হাজাৰ টকা, মানপত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা আগবঢ়োৱা হয়৷

অনুষ্ঠানত ড॰ মামণি বৰঠাকুৰৰ ‘ঠাইৰ নামৰ আতিগুৰি ককাই কয় শুনা নাতি’, তৃষ্ণা শৰ্মাৰ ‘প্ৰেমছান্দৰ গল্পৰ কাহিনী’, মাধুৰী কলিতা চৌধুৰীৰ ‘টুনটুনী আৰু এজাক পুতলা’ আৰু শিৱসাগৰৰ ধীৰেন কুমাৰ বৰঠাকুৰৰ ‘তগৰ’ নামৰ শিশু সাহিত্য কেইখন উন্মোচন কৰে বিশিষ্ট অতিথি সকলে৷ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকন, কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিশিষ্ট লেখক তথা ‘গতি অসম’ৰ সভাপতি থানেশ্বৰ মালাকাৰে ভাষণ দিয়ে৷ জুবলি শৰ্মাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰথমে যিসকল ব্যক্তিৰ সোঁৱৰণত শিশুসাহিত্য বঁটা প্ৰদান কৰা হৈছে তেওঁলোকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে বিশিষ্ট ব্যক্তিসকলে৷  অনুষ্ঠানত শিশু  অভিঘ্ন আয়ান কাশ্যপে এটি কবিতা আবৃত্তি কৰে৷  লিপিকা শৰ্মাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সাংবাদিক অনুভৱ পৰাশৰে৷ অনুষ্ঠানত বিশিষ্ট লেখক পৰেশ বৈশ্য, শিশু সাহিত্যিক নীলিমা বৰা, অংগনা চৌধুৰী, মায়ৰাণী ভাগৱতী, মঞ্জিতা শৰ্মা, ড॰ জ্যোতিশিখা দত্ত,  অঞ্জনা গগৈ, অভিনেত্ৰী আৰতি কলিতাকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷