ডাউন টাউন হাস্পতালৰ বক্তৃতানুষ্ঠান

ডাউন টাউন হাস্পতালৰ বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ডাউন টাউন হাস্পতালে ৩৩ সংখ্যক বাৰ্ষিকী উপলক্ষে মঙলবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ‘কৈশোৰ অৱস্থাত আত্মহত্যাৰ প্ৰৱণতা’ শীৰ্ষক ৩০ সংখ্যক ৰাজহুৱা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷কাৰ্যবাহী পৰিচালক ময়ুৰাক্ষী দত্তই আদৰণি জনোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ মনোৰোগ বিজ্ঞান বিভাগৰ অধ্যাপক ডা° সুৰেশ চক্ৰৱৰ্তীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷বক্তৃতানুষ্ঠানত ডা° সুৰেশ চক্ৰৱৰ্তীয়ে কয়- অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ সৈতে সময় কটোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে৷পৰিসাংখ্যিকভাৱে প্ৰতি ৩০ মিনিটত এটা শিশুৱে আত্মহত্যাৰ চেষ্টা কৰে৷কিছুমান পৰিস্থিতিত দেখা যায় যে শিশু এটাই তেওঁলোকৰ জীৱন শেষ কৰিব বিচাৰিছিল,কিয়নো তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃৰ আশা পূৰণ কৰিব নোৱাৰিলে৷২০২২ বৰ্ষৰ বাবে ডাউন টাউন এৰ্ৱাড অৱ এক্সেলেঞ্চ ইন মেডিচিন’ এক বিশেষ বঁটা প্ৰদান কৰে হাস্পতালৰ হদৰোগ বিশেষজ্ঞ ডা° ইন্দ্ৰ কুলাধিপতিক৷এই বঁটাত আছে এটা সোনৰ পদক,এক লাখ টকাৰ লগতে এখন মানপত্ৰ আৰু স্মাৰক৷অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অস্ত্ৰোপচাৰ অধ্যাপক ডা° দীপক কুমাৰ শৰ্মাক প্ৰফেচাৰ যোগেশ মহন্ত সোঁৱৰণী বঁটা,পালমোনোলজিষ্ট ডা° মৈত্ৰেয়ী কলিতাক প্ৰফেচাৰ প্ৰতুল গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷লগতে প্ৰয়াত গোস্বামীৰ পৰিয়ালবৰ্গই ডা° গায়ত্ৰী গগৈক দহ হাজাৰ টকা আগবঢ়ায়৷উক্ত বঁটা সমূহ হাস্পতালৰ মেডিকেল ডিৰেক্টৰ ডা° বি কে গগৈ,প্ৰফেচাৰ বন্দনা দত্ত,মেডিকেল চুপাৰিনটেন্দত ডা° উদয়ন বৰুৱা আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° নাৰায়ন চন্দ্ৰ তালুকদাৰে প্ৰদান কৰে৷