পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কৰ্মৰত ৮ সহস্রাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ ৰাজ্যজুৰি অৱস্থান ধর্মঘট কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন

pc.HR katha

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কৰ্মৰত ৮ সহস্রাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ ৰাজ্যজুৰি অৱস্থান ধর্মঘট কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যজুৰি অৱস্থান ধর্মঘট কার্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য হ’ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কৰ্মৰত ৮ সহস্রাধিক ঠিকাভিত্তিক কৰ্মচাৰী।বিভাগীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ বিষয়ালৈকে সকলোকে বিভিন্ন সময়ত স্মাৰক-পত্ৰ প্ৰদানেৰে তেওঁলোকৰ দাবীসমূহ উপস্থাপন কৰি আহিছিল যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা বিভাগটোৰ অধীনস্থ কৰ্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰিছে।ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্তব্য পৰিহাৰ কৰি অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজ্যৰ বিভাগটোৰ কাম-কাজ।চাকৰিৰ সুৰক্ষা তথা নিয়মীয়াকৰণ, সমকামৰ বাবে সমদৰমহা মূল দাবী হিচাপে লৈ এই কৰ্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন সময়ত কৰি অহা দাবীসমূহ পূৰণ নকৰাত ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে যোৱা ২৪ জানুৱাৰীত বিভাগটোৰ আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই স্মাৰক পত্ৰৰ জৰিয়তে তেওঁলোকে সর্বশিক্ষা অভিযান মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দৰেই কৰ্মচাৰীসকলৰ চাকৰি ৬০ বছৰ বয়সলৈ সুৰক্ষিত কৰা, আৰ অ’ পি অনুসৰি দৰমহা প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে তেওঁলোকে দাবীসমূহ পূৰণৰ বাবে এক ফেব্ৰুৱাৰী সময়সীমা বান্ধি দিছিল। এই সময়ৰ ভিতৰত কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰিলে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰো দিছিল। ইয়াৰ পাছতে বিভাগৰ সৈতে পৰিষদৰ প্রতিনিধি দলৰ এখন বৈঠক যোৱা ২৯ জানুৱাৰীত অনুষ্ঠিত হয়। কিন্তু এই বৈঠকখনতো তেওঁলোকৰ সমস্যাৰ কোনো সমাধানৰ পথ নোলোৱাত ক্ষুব্ধ হৈ ঠিকাভিত্তিক কৰ্মচাৰীসকলে ১ফেব্ৰুৱাৰীৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে। অহা ৭ ফেব্ৰুৱাৰীলৈ তেওঁলোকে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।