মাজুলীৰ দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰৰ ৪৭গৰাকী ভকত ভাগিনৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নৈশ আহাৰ গ্ৰহণ

pc. facebook

মাজুলীৰ দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰৰ ৪৭গৰাকী ভকত ভাগিনৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নৈশ আহাৰ গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰীৰ দিছপুৰস্থিত চৰকাৰী আৱাসত মাজুলীৰ দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰৰ ৪৭গৰাকী ভকত ভাগিনৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নৈশ আহাৰ গ্ৰহণ কৰে।নৈশ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে ভাগিনহঁতে তেওঁলোকৰ অতি মৰমৰ মামাৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰাৰ লগতে সত্ৰীয়া সংস্কৃতি প্রদর্শনেৰে মামাৰ মংগল কামনা কৰে। গুৰু বন্দনাৰ পৰা মাটি আখৰালৈকে বিভিন্ন সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শনো কৰে।গুৰু বন্দনাৰ পৰা মাটি আখৰালৈকে বিভিন্ন সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শনো কৰে। ভাগিনহঁতে মুখ্যমন্ত্রী ড° শৰ্মাক সম্বর্ধনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মধুৰ বার্তালাপতো মিলিত হয়। নৈশ আহাৰ গ্ৰহণৰ পূৰ্বে হৰিধ্বনি আৰু প্ৰাৰ্থনা কৰে।আহাৰ গ্ৰহণৰ মাজতেই ভাগিনহঁতে মুখ্যমন্ত্রী ড° শৰ্মাক মাজুলীত ভাওনা চাবলৈ অনুৰোধ জনায়। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে তেওঁ এইবাৰ মাজুলীলৈ গৈ ওৰে নিশা ভাগিনহঁতৰ সৈতে ভাওনা উপভোগ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে উত্তৰ গুৱাহাটীৰ দলংখন হৈ উঠিলে ভাগিনহঁতক গুৱাহাটীলৈ আনি উত্তৰ গুৱাহাটীলৈ নিয়াৰ লগতে ৰোপ ৱে’ত উঠোৱাৰ উপৰি উৰাজাহাজতো উঠোৱাৰ ব্যৱস্থা কৰিব। ভাগিনহঁতে তেওঁলোকক উৰাজাহাজেৰে ওভতাৰ ব্যৱস্থা কৰাৰ প্ৰসংগ উত্থাপন কৰাত মুখ্যমন্ত্ৰী ড° শৰ্মাই অহাবাৰ তেওঁলোকক যোৰহাটৰ পৰা উৰাজাহাজেৰে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।