ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷তাৰ ভিতৰত ১১৪টা মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা আৱণ্টন,৬ খন গ্ৰাম্য দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত,তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি টকা আৱণ্টন,মৰিয়নীত ১০৩টা পৰিয়ালক প্ৰদান কৰিব মাটিৰ পট্টা,ডিব্ৰুগড় আৰু শিলচৰ এতিয়াৰে পৰা হ’ব পৌৰ নিগম,এফ চি আইক ধান বিক্ৰী কৰিবলৈ আহ্বান ৰাজ্যৰ কৃষকসকলক৷প্ৰতি কুইণ্টল ধানৰ বিনিময়ত লাভ কৰিব ১৯৪০ টকা।অসমৰ এটা সুকীয়া প্ৰতীক চিহ্ণৰ চিন্তা–চৰ্চা চৰকাৰৰ।প্ৰতীক চিহ্নৰ বাবে ৰনোজ পেগু আৰু কেশৱ মহন্তৰ নেতৃত্বত কমিটী গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়৷