ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী বঁটা

ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ্বি আংলং জিলাৰ বিশিষ্ট কবি, লেখক ধনেশ্বৰ ইংতিলৈ আগবঢ়োৱা হৈছে সন্মানজনক পদ্মশ্ৰী সন্মান। সুদীৰ্ঘ দিন ধৰি নিৰলস সাহিত্য সাধনা কৰি অসমৰ সাহিত্যক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই অহা কবিগৰাকীলৈ ভাৰত চৰকাৰে এই বিশেষ সন্মান আগবঢ়োৱাৰ বাতৰিয়ে পাহাৰীয়া জিলাখনত আনন্দৰ জোৱাৰ তুলিছে। উল্লেখযোগ্য যে,‌ অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ যুটীয়া সচিব হিচাপে চাকৰিৰ পৰা অৱসৰ লোৱাৰ ইংতিয়ে এগৰাকী দক্ষ চৰকাৰী বিষয়া হিচাপে পৰিচিত হোৱাৰ সমানুপাতিকভাৱে কাব্যৰ সাধনাৰ জৰিয়তেও অগণন কাব্যপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। অসমীয়া, কাৰ্বি আৰু ইংৰাজী ভাষাত সমানে কবিতাৰ চৰ্চা কৰি অহা বিশিষ্ট কবিগৰাকীৰ কেইবাখনো কবিতাৰ পুথিয়ে ইতিমধ্যে পাঠকৰ আদৰ লাভ কৰিছে। ʼবালীমাহীʼ শীৰ্ষক কাব্য সংকলেনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত। সাহিত্য ক্ষেত্ৰখনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত কবিগৰাকীয়ে অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰিছিল।