কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

ৰঙিলী বাৰ্ত্তাসেৱা-  কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি।এসপ্তাহৰ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ খবৰ আহিছে। পুৱাৰে পৰা স্বাস্থ্য অধিক অৱনতি ঘটিছে বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ৷ক’ভিডৰ লগতে নিউমʼনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত চিকিৎ‍সাধীন হৈ আছে কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰ।বৰ্তমান চিকিৎ‍সকৰ এটা দলে তৎপৰতাৰে লতা মংগেশকাৰক সুস্থ কৰি তোলাৰ চেষ্টা কৰি আছে।অনুৰাগীসকলক প্ৰাৰ্থনাৰ বাবে আহ্বান কৰিলে চিকিৎসকে।এজন চিকিৎ‍সকে কৈছে যে, “লতা জী এতিয়াও আইচিইউত আছে।ডাক্তৰে প্ৰতি মুহূৰ্ততে পৰ্যবেক্ষণ কৰি আছে।এতিয়াই একো কথাই কব নোৱাৰি।তেওঁ সুস্থ হৈ উঠিবলৈ অনুৰাগীসকলে প্ৰাৰ্থনা কৰক।”