মাধ্যমিক স্কুলত ১৩০ গৰাকী প্ৰাৰ্থীক চতুৰ্থ শ্ৰেণীৰ পদত অনুকম্পামূলক নিযুক্তি
গুৱাহাটী, – ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠানত আজি ৰাজ্য চৰকাৰে ১৩০ গৰাকী প্ৰাৰ্থীলৈ অনুকম্পামূলক চতুৰ্থ শ্ৰেণীৰ নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে৷ এই উপলক্ষে পাঞ্জাৱাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিজৰ কৰ্মক সৰু-বৰ নাভাবি কৰ্মৰ জৰিয়তে আৰু দায়বদ্ধতাৰে চৰকাৰী দায়িত্ব পালন কৰিবলৈ আহ৩ান জনায়৷ কৰ্মৰ জৰিয়তে নিজেই নিজৰ পৰিচয় দিব লাগিব আৰু ভাল কৰ্ম কৰিলেই সমাজেই এদিন স্বীকৃতি দিব বুলিও মন্তব্য প্ৰদান কৰে৷ মন্ত্ৰী গৰাকীয়ে পৰিৱেশ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দি নৱ নিযুক্ত প্ৰাৰ্থীসকলক পঢ়ি অহা বিদ্যালয়খনৰ লগতে নতুনকৈ কৰ্মক্ষেত্ৰত যোগদান কৰা বিদ্যালয়খনত অথবা কাৰ্যালয়ত এজোপা গছপুলি ৰোপন কৰি প্ৰতিপালনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়৷ আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ প্ৰধান সচিব বি. কল্যাণ চক্ৰৱৰ্তী, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়া, সমগ্ৰ শিক্ষা অভিযান মিছনৰ সঞ্চালিকা ৰৌছনী অপৰানজী কোৰকাটি, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালিকা মমতা হোজাই, উচ্ছ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা বিজয়া চৌধুৰী প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷