গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় যুৱ দিৱস উদ্‌যাপন

pc-indiaradio

গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় যুৱ দিৱস উদ্‌যাপন

গুৱাহাটী- ৰাষ্ট নিৰ্মাণত অনবদ্য অৱদান আগবঢ়োৱা ভাৰতৰ মহান মনীষী স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে সমগ্ৰ দেশতে পালন কৰি আহিছে৷ অসমতো আজি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে গুৱাহাটীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট˜ীয় যুৱ দিৱস, ২০২২ উদ্‌যাপন কৰা হয়৷ অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে, ভাৰতীয় সভ্যতা আৰু বিচিত্ৰ সংস্কৃতিক সমল হিচাপে লৈ সম্ভাৱনাময় যুৱ প্ৰজন্মক সম্পদলৈ ৰূপায়ণ কৰাত স্বামী বিবেকানন্দৰ অৱদান অপৰিসীম৷ শক্তিশালী ভাৰত গঢ়াৰ উদ্দেশ্যৰে নৱ প্ৰজন্মই অদম্য সাহস আৰু কঠোৰ পৰি৷ মেৰে সকলো প্ৰত্যাহ৩ান নেওচি নিজ নিজ কৰ্মত আত্মনিয়োগ কৰিবলৈ আৰু স্বামী বিবেকানন্দৰ দৰ্শনৰাজি অনুকৰণ কৰি সমাজখন সংশোধন কৰিবলৈ¸ মন্ত্ৰীগৰাকীয়ে আহ৩ান জনায়৷ এই অনুষ্ঠানতে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ‘অসম ৰাজ্যিক যুৱ আয়োগ’ অনুমোদন জনোৱা হয় আৰু ইয়াৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱ-প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব৷
উল্লেখযোগ্য যে, ৰাষ্ট˜ীয় যুৱ দিৱসৰ এই শুভক্ষণতে টকিঅ’ অলিম্পিকত ব্ৰ?ৰ পদকজয়ী লাভলিনা বৰগোহাঁই আৰু ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক কবি দ্বিজেন কুমাৰ দাসক সম্বদ্ধনা জনায়৷ লগতে ৰাষ্ট˜ীয় যুৱ কল্যানৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ হৈ সেৱা আগবঢ়োৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড॰ ৰঞ্জন কুমাৰ কাকতিকো সম্বদ্ধনা জনায়৷ অনুষ্ঠানত অসমৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা এন এচ এচ প্ৰ’গেম বিষয়া আৰু এন এচ এচ সেচ্ছাসেৱীলৈ বঁটা প্ৰদান কৰা হয়৷ এই ক্ষেত্ৰত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ বাবে পাঁচগৰাকীকৈ এন এচ এচ প্ৰ’গেম বিষয়ালৈ পোন্ধৰ হাজাৰ টকা আৰু মানপত্ৰ আৰু দহগৰাকীকৈ এন এচ এচ সেচ্ছাসেৱীক দহ হাজাৰ টকা আৰু মানপত্ৰ আগবঢ়ায়৷
অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপ সভাপতি লক্ষ্য কোঁৱৰ, ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটা, ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী প্ৰমোখ্যে বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী আৰু মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷