ভাৰতৰ পৰা সমগ্র বিশ্বলৈ গৈছে সুস্বাস্থ্যৰ বার্তা,ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ সূর্য নমস্কাৰৰ গুৰুত্ব আৰু মহানতাক আজি সমগ্র বিশ্বই অনুধাৱন কৰিব ধৰিছে: সর্বানন্দ সােণােৱাল

ভাৰতৰ পৰা সমগ্র বিশ্বলৈ গৈছে সুস্বাস্থ্যৰ বার্তা,ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ সূর্য নমস্কাৰৰ গুৰুত্ব আৰু মহানতাক আজি সমগ্র বিশ্বই অনুধাৱন কৰিব ধৰিছে: সর্বানন্দ সােণােৱাল
ৰঙিলী বাৰ্তাসেৱা, _ আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্রীয় আয়ুষ মন্ত্ৰণালয়ে আজি “জীৱনীশক্তিৰ বাবে সূর্য নমস্কাৰ” কাৰ্যসূচী পালন কৰে। ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ৭৫ লাখৰাে অধিক লােকে শৰীৰ আৰু মনক সুস্থ-সবল কৰি ৰাখিবলৈ আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ত নিজকে সুৰক্ষিত ৰাখিবলৈ সূর্য নমস্কাৰ একেলগে প্রদর্শন কৰে। এই কাৰ্যসূচী কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱাল আৰু আয়ুষ ৰাজ্যিক মন্ত্রী ডাঃ মুঞ্জপৰা মহেন্দ্রভায়ে ভাচুৱেলী আৰম্ভ কৰে। এই উপলক্ষে বাবা ৰামদেৱ, আচার্য বালকৃষ্ণ, শ্ৰীশ্ৰী ৰবিশংকৰ,সদগুৰু জাগ্নী বাসুদেৱ আৰু বিশ্বৰ বিভিন্ন প্রান্তৰ বহু উল্লেখযােগ্য ব্যক্তিয়ে এই শুভ উদ্বোধনী অনুষ্ঠানত যােগদান কৰে।উদ্বোধনী ভাষণত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে কয়, “সূর্য আমাৰ জীৱনীশক্তিৰ উৎস। শাৰীৰিক আৰু মানসিক উৎকর্ষসাধনৰ বাবে সূর্য নমস্কাৰৰ জৰিয়তে সূর্য উপাসনা কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সবল নেতৃত্ব আৰু নির্দেশনাত মানৱ সমাজৰ সুস্বাস্থ্যৰ বাবে বিশ্বজুৰি যােগ আৰু সূর্যনমস্কাৰৰ বহুল প্রচাৰ আৰু প্ৰসাৰ কৰাটো সম্ভৱপৰ হৈছে।”ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ হৈছে সূর্য নমস্কাৰ, যাৰ গুৰুত্ব আৰু মহানতাক আজি সমগ্র বিশ্বই অনুধাৱন কৰিব ধৰিছে আৰু ইয়াৰ জনপ্রিয়তা তথা প্ৰসাৰ যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে। মানৱ সমাজৰ কল্যাণৰ বাবেই বিশ্বব্যাপী সূর্যনমস্কাৰৰ দৰে এটি গুৰুত্বপূর্ণ কাৰ্যসূচী হাতত লােৱা হৈছে। এই অনুষ্ঠানত অংশ লােৱা দেশ-বিদেশৰ সকলাে যােগ গুৰু,বিভিন্ন যােগ প্রতিষ্ঠান কর্তৃপক্ষ আৰু অন্যান্য প্রতিগৰাকী লােকক আয়ুষ মন্ত্রালয়ৰ তৰফৰপৰা আৰু মােৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।” এই উপলক্ষে ডাঃ মুঞ্জপৰা মহেন্দ্রভায়ে কয়, “সূর্য নমস্কাৰ সন্দৰ্ভত কৰা বিভিন্ন ফলপ্রসূ গৱেষণাই প্রমাণ কৰিছে যে, সূর্য নমস্কাৰে আমাৰ ৰােগ প্ৰতিৰােধ ক্ষমতা গঢ়ি তােলে আৰু শৰীৰ-মন সুস্থ কৰি ৰাখে।” এই ভাচুৱেল অনুষ্ঠানত সমগ্র বিশ্বৰ বহুতাে আগশাৰীৰ যােগ প্রশিক্ষক আৰু যােগ উৎসাহীয়ে যােগদান কৰে, সূর্য নমস্কাৰ প্রদর্শন কৰে আৰু সূর্য নমস্কাৰৰ সুফল সম্পর্কে তেওঁলােকৰ মতামত ব্যক্ত কৰে। এই সমগ্র অনুষ্ঠানটো ডিডি নেচনেলত লাইভ হৈছিল আৰু বিশ্বৰ বিভিন্ন প্রান্তৰ অংশগ্ৰহণকাৰীসকলে ভাচুৱেল অংশগ্রহণ দ্বাৰা তেওঁলােকৰ উৎসাহ দেখুৱাইছিল। অনুষ্ঠানটোৱে সমগ্র বিশ্বৰ যথেষ্ট সমর্থন লাভ কৰে আৰু এনচিচি, এনএছএছ-ৰ স্বেচ্ছাসেৱক আৰু সেনা জোৱানকে ধৰি দেশৰ শিক্ষা মন্ত্রালয়,প্ৰতিৰক্ষা মন্ত্রালয়, গৃহ মন্ত্রালয় তথা যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰালয়ৰ প্রত্যক্ষ অংশগ্রহণ আৰু সহযােগিতা লাভ কৰে।