চৰকাৰী ভূমিৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰ বিৰোধিতা ভূমি সংস্কাৰ সমিতিৰ

চৰকাৰী ভূমিৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰ বিৰোধিতা ভূমি সংস্কাৰ সমিতিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰী ভূমিৰ অভাৱনীয় হাৰত বৃদ্ধি হোৱা মূল্যৰ বিৰোধিতা কৰিছে পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতি,গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে৷গুৱাহাটী প্ৰেছ ক্লাবত সংগঠন দুটাই আয়োজন কৰা সংবাদ মেলত পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সভাপতি ডাম্বৰুধৰ তালুকদাৰে কয়-চৰকাৰে শেহতীয়াভাৱে ভূমিৰ যি মূল্য নিৰ্ধাৰণ কৰিছে সেয়া থলুৱা ভূমিহীন বাসিন্দাসকলৰ বাবে পৰ্বতত কাছ কণী বিচৰাৰ দৰে হ’ব৷চৰকাৰী নিৰিখৰ ১০ শতাংশ মূল্য নিৰ্ধাৰণ কৰি পট্টা দিয়াৰ ব্যৱস্হা কৰিব লাগে৷ভূমি পট্টনৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে৷গুৱাহাটীৰ পূব প্ৰান্তত অৱস্থিত চূণচালি গ্ৰান্টৰ ৩৯৯২ বিঘা ভূমিৰ লগতে বৃহত্তৰ গুৱাহাটী চহৰৰ বিভিন্ন ঠাইত থকা চৰকাৰী ভূমিত ৪০-৫০ বছৰ ধৰি বসবাস কৰি থকা থলুৱা ভূমিহীন প্ৰায় ৮৫ হাজাৰ পৰিয়ালৰ আবন্টনৰ কামো শামুকীয়া গতিত চলিছে৷এই গতিৰে আবন্টনৰ কাম আগবাঢ়িবলৈ হ’লে ৫-১০ বছৰটো এই সকল ভূমিহীন থলুৱাই পট্টা পোৱাৰ আশা কৰিব নোৱাৰিব৷ভূতৰ ওপৰত দানৱ পৰাদি চৰকাৰে চৰকাৰী ভূমিৰ বৰ্তমানৰ মূল্যৰ ৫০-৩০০ শতাংশ পৰ্যন্ত বঢ়াবলৈ গৈ এই ৮৫ হাজাৰ থলুৱা ভূমিহীনৰ মূৰত ৰামটাঙোন সোধাবলৈ প্ৰস্তুত কৰা হৈছে৷এই ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া ভূমিৰ মূল্য কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷আনহাতে ২০১৪ চনৰ ৩১ মাৰ্চত ন্যায়াধীশ উজ্জ্বল ভূঞাই ৩২১৯৫ নং আদেশ যোগে আসাম লেন্দ এক্ট ১৯৮৯ৰ দফা ১৪ (২) আৰু১৪ (৪) দুটাৰ চৰ্ত সমূহ পুনঃ নিৰীক্ষণ কৰাৰ আদেশ দিয়ে অসম চৰকাৰক৷অসম চৰকাৰে উচ্চ ন্যায়ালয়ত দিয়া শপত নামা মৰ্মে যদি কোনো ব্যক্তিৰ মাক,বাপেক,পত্নী তথা সন্তানৰ নামত অসমত ম্যাদী মাটি থাকে তেনেহলে গুৱাহাটী চহৰত চৰকাৰী ভূমিত আবন্টন পোৱাৰ যোগ্য নহ’ব৷ভুল তথ্য দি আবন্টন পোৱাসকলৰ পিছৰ পৰ্যায়ত ভুল প্ৰমাণিত হলে মাটিৰ মূল্যৰ লগতে আবন্টন নাকচ কৰিব৷সমিতিয়ে চৰকাৰৰ এই সৰ্বনাশী নিৰ্দেশনাৰ বিৰুদ্ধে ৰিট নং WP(C)7140/2015 যোগে পুনঃ নিৰীক্ষণৰ আবেদন দিয়াৰ সমান্তৰালভাৱে চৰকাৰৰ লগতো আলোচনা অব্যাহত ৰাখিছো৷সংবাদ মেলত সমিতিৰ সম্পাদক নৰেন ৰয়,গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰনৱজ্যোতি কলিতা উপস্থিত থাকে৷