কংগ্ৰেছৰ প্ৰশিক্ষণ “আকৌ নতুন প্ৰভাত হ’ব” আৰম্ভ

কংগ্ৰেছৰ প্ৰশিক্ষণ “আকৌ নতুন প্ৰভাত হ’ব” আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰাজ্যখনৰ প্ৰায় সাত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা “আকৌ নতুন প্ৰভাত হ’ব” শীৰ্ষক এই প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং।পুৱা দলীয় পতাকা উত্তোলন কৰি সভাপতি ভূপেন কুমাৰ বৰাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কংগ্ৰেছ পৰিয়ালৰ সমূহ প্ৰতিনিধিক শিৱিৰলৈ আদৰণি জনায় আৰু ঐক্যবদ্ধ হৈ অনাগত দিনত পুনৰ দলৰ ভেটি অধিক শক্তিশালী কৰিবলৈ দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে বক্তব্য দাঙি ধৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক শ্ৰীজিতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছৰ সমুখত আজি যি প্ৰত্যাহ্বান আহি পৰিছে তাক আমি সাহসেৰে মোকাবিলা কৰিব লাগিব আৰু তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰিব লাগিব। তেওঁ কয় যে অসমৰ বিগত নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছে যদিও প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। “আমি হাৰিও জিকিছোঁ” – তেওঁ কয়। সেই নিৰ্বাচনত যি পটভূমি তৈয়াৰ হ’ল তাক মূলধন হিচাপে লৈ আগন্তুক দিনবোৰত কংগ্ৰেছ আগবাঢ়ি যাব লাগিব। শ্ৰীসিঙে কয়-“জয় আমাৰ অৱশ্যম্ভাৱী”।ইয়াৰ আগেয়ে উদ্বোধনী সভাত আদৰণি বক্তব্য দাঙি ধৰি সভাপতি ভূপেন কুমাৰ বৰাই কয় “মই বা দলৰ যিকোনো বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কথা কওঁতে দলৰ নীতি আদৰ্শৰ উৰ্ধত কথা কোৱা উচিত নহয়।” বিষয়ববীয়াই নিজা বক্তব্য বুলি কৈ কোনো বিতৰ্কিত মন্তব্য আগবঢ়াব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে ‘কা’ৰ বিৰোধিতা কৰি হোৱা আন্দোলনক সমৰ্থন কৰিছিল আৰু ভৱিষ্যতেও ‘কা’ আইনখনৰ বিৰোধ কৰি যাব৷ বৰাই অসমৰ বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ অপশাসনৰ তীব্ৰ সমালোচনা কৰি কয় যে মৃত্যুদণ্ড আদালতৰ বিচাৰকেহে দিব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি মৃত্যদণ্ড দিবলৈ আৰম্ভ কৰিছে। তেওঁৰ এই অনধিকাৰ আৰু অসাংবিধানিক কাৰ্যক আমি মিলিজুলি প্ৰতিহত কৰিবই লাগিব। ৰাজ্যখনৰ ভয়াভহ নিবনুৱা সমস্য সমাধান কৰাত অসম চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে তেওঁৰ ভাষণত বি জে পি চৰকাৰৰ মিথ্যাচাৰৰ স্বৰূপ উদঙাই দিয়ে।বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বি জে পি চৰকাৰক তেওঁৰ ভাষণত কঠোৰ সমালোচনা কৰে আৰু কংগ্ৰেছ দলৰ গৌৰৱোজ্জ্বল ইতিহাস দাঙি ধৰে।সভাত বক্তব্য দাঙি ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰীপৱনসিং ঘাটোৱাৰে কয় যে ২০২৬ চনত অসমত আকৌ নতুন প্ৰভাত হ’ব।নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক শ্ৰীপৃথ্বিৰাজ সাথেই কয় যে কংগ্ৰেছৰ আদৰ্শৰ মৃত্যু নহয়। গতিকে কংগ্ৰেছ দলৰ উত্থান আকৌ হ’বই।উদ্বোধনী সভাখনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শ্ৰীশৰৎ বৰকটকী বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতিত্ৰয় শ্ৰীৰাণা গোস্বামী, শ্ৰীকমলাক্ষ দে পুৰকায়স্থ আৰু শ্ৰীজাকিৰ হুছেইন শিকদাৰ, যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, এন এছ ইউ আইৰ সভাপতি কৃশাণু বৰুৱা প্ৰমুখ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতাই সভাত বক্তব্য দাঙি ধৰে।দুপৰীয়া আহাৰ বিৰতিৰ পিছত প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। আজি তিনিটা অধিৱেশনত প্ৰশিক্ষণ সম্পন্ন কৰা হয়। প্ৰথম অধিৱেশনত সমল ব্যক্তি আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰশিক্ষণ বিভাগৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্ৰীডি পি ৰয়, দ্বিতীয় অধিৱেশনত সমল ব্যক্তি আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰশিক্ষণ বিভাগৰ সমন্বয়ক শ্ৰীসুমন লস্কৰ আৰু তৃতীয় অধিৱেশনত প্ৰশিক্ষণ বিভাগৰ তত্বাৱধায়ক শ্ৰীশচীন ৰাও।সন্ধিয়া অনুষ্টুপীয়া সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছিল। এই প্ৰশিক্ষণ অহা ১৭ ডিচেম্বৰ পৰ্যন্ত চলিব।