১ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ’ব ৰিলায়েন্স জিঅ’ৰ প্ৰতিটো আনলিমিটেড প্লেন

১ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ’ব ৰিলায়েন্স জিঅ’ৰ প্ৰতিটো আনলিমিটেড প্লেন

ৰঙিলী বাৰ্ত্তাসেৱা-  ১ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ’ব ৰিলায়েন্স জিঅ’ৰ প্ৰতিটো আনলিমিটেড প্লেন।ৰিলায়েন্স জিঅ’ৰ নতুন টেৰিফ প্লেন অনুযায়ী আগৰ তুলনাত প্ৰতিটো আনলিমিটেড প্লেন ব্যয়বহুল হ’ব।এই নতুন টেৰিফ প্লেন ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব।প্ৰতিটো প্লেনৰ মূল্য প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে।ডাটা এড-অন আঁচনিৰ মূল্যও বাঢ়িছে।নতুন টেৰিফ প্লেন অনুসৰি ১২৯ টকাৰ প্লেনৰ মূল্য হ’বগৈ ১৫৫ টকা।১৪৯ টকাৰ প্লেনৰ মূল্য হ’বগৈ ১৭৯ টকা।১৯৯ টকাৰ প্লেনৰ মূল্য হ’বগৈ ২৩৯ টকা।২৪৯ টকাৰ প্লেনৰ নতুন মূল্য ১ ডিচেম্বৰৰ পৰা হ’বগৈ ২৯৯ টকা।প্ৰতিদিনে ১.৫ জিবি ডাটা (৫৬ দিনৰ বাবে),সীমাহীন ভইচ কল,১০০ এছএমএছ আঁচনিৰ মূল্য ৩৯৯ টকাৰ পৰা এইবাৰ নতুন মূল্য হ’বগৈ ৪৭৯ টকা।৪৪৪ টকাৰ প্লেনৰ মূল্য হ’বগৈ ৫৩৩ টকা।একেদৰে, ডাটা এড-অন আঁচনিৰ ৬ জিবি ডাটা আগতে ৫১ টকাত উপলব্ধ আছিল।এইবাৰ উপলব্ধ হ’ব ৬১ টকাত।
১২ জিবি ডাটা ১০১ টকাৰ পৰিৱৰ্তে ১২১ টকা আৰু ৫০ জিবি ২৫১ টকাৰ পৰিৱৰ্তে ৩০১ টকাত উপলব্ধ হ’ব।