নমামী আত্ম সহায়ক গোটৰ ৫ম বাৰ্ষিক সভা সম্পন্ন

নমামী আত্ম সহায়ক গোটৰ ৫ম বাৰ্ষিক সভা সম্পন্ন

দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলীবাৰ্ত্তাসেৱা-  ২৮ নবেম্বৰ দেওঁবাৰে নমামী আত্মসহায়ক গোটৰ ৫ম বাৰ্ষিক সভাখনি গোটৰ সভাপতি তুলতুল গোস্বামীৰ ঘৰত অনুষ্ঠিত হয়।সভাত গোটৰ মুঠ ১০জন সদস্যৰ ৭ জন সদস্য উপস্থিত থাকে।বিশেষ অসুবিধা বশতঃ ৩ জন সদস্য উপস্থিত থাকিব নোৱাৰা সভাখনত ২০২০-২১ বৰ্ষৰ বিত্তীয় খটিয়ান দাঙি ধৰে গোটৰ সম্পাদক পলাশ গোস্বামীয়ে।সভাখনত আগন্তুক বৰ্ষৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে।উল্লেখযোগ্য সিদ্ধান্ত সমূহৰ ভিতৰত ঋণৰ সুত হ্ৰাস,মাহেকীয়া বৰঙণি বৃদ্ধি, সকলো সদস্যই নুন্যতম বাধ্যতামূলক ঋণৰ সীমা নিৰ্ধাৰণ ইত্যাদি।সভাখনত সৰ্বসন্মতিক্ৰমে বাৰ্ষিক সভাখনৰ উপৰিও প্ৰত্যেক তিনিমাহৰ মূৰে মূৰে একোখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।গোটটো সুন্দৰকৈ পৰিচালনা কৰি যোৱাৰ বাবে গোটৰ সকলো সদস্যই সভাপতি আৰু সম্পাদকৰ শলাগ লয় আৰু আগন্তুক বিত্তীয় বৰ্ষত পুনৰ গোটটো সুকলমে পৰিচালনা কৰি নিবলৈ তুলতুল গোস্বামী আৰু পলাশ গোস্বামীকে ক্ৰমে সভাপতি আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে।