উৰিষ্যাত ৫৩গৰাকী স্কুলীয়া ছাত্ৰী, ২২ জন এমবিবিএছ শিক্ষাৰ্থী কোভিড-১৯ত পজিটিভ 

Pc the economic times

উৰিষ্যাত ৫৩গৰাকী স্কুলীয়া ছাত্ৰী, ২২ জন এমবিবিএছ শিক্ষাৰ্থী কোভিড-১৯ত পজিটিভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  উৰিষ্যাৰ সুন্দৰগড় জিলাৰ এখন চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰায় ৫৩ গৰাকী স্কুলীয়া ছাত্ৰী আৰু সম্বলপুৰৰ এখন মহাবিদ্যালয়ৰ ২২ জন এমবিবিএছ শিক্ষাৰ্থীয়ে যোৱা তিনি দিনত কোভিড-১৯ পৰীক্ষা কৰাত পজিটিভ বুলি ধৰা পৰিছে। ছোৱালীবোৰ ৮-১০ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু তেওঁলোকক আইছোলেচন কৰি ৰখা হৈছে বুলি তেওঁলোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কয়। ইফালে, এম.বি.বি.এছ. শিক্ষাৰ্থীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।