ককা- আইতা…
ককা-আইতাৰ সুগন্ধ
এতিয়াও
বিয়পি আছে
আমাৰ ঘৰৰ চৌপাশ।
ধঁপাত মলা চুঙাটি
সযতনে ৰাখিছোঁ
হাঁচতি তামোলে
ৰিঙিয়াই মাতে
ককা-আইতাৰ স্মৃতি।
শৰৎৰ ফৰিংফুটা নিশা
যেতিয়া জোনাকে
গা ধুঁৱে নদীত
চোতালে সাৰ পাই উঠে
সাধুৰ কাহিনী।
ককা-আইতা নাই
এতিয়া আদৰ…
নাতি-নাতিনী
নহয় এতিয়া লগৰ…
বৃদ্ধাশ্ৰম অথবা বাটৰ কাষতে
তাতে হ’লগৈ ঘৰ।
নন্দেশ্বৰ মিলি
নগাঁও,অসম