সৰ্বশিক্ষা মিছনৰ অধীনত কৰ্মৰত আৱাসিক কৰ্মী সংস্থাৰ সংবাদ মেল

সৰ্বশিক্ষা মিছনৰ অধীনত কৰ্মৰত আৱাসিক কৰ্মী সংস্থাৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০০৩ চনৰ পৰা আজিলৈকে কাম কৰি থকা অভিজ্ঞতাৰ ভিত্তিত সৰ্বশিক্ষা মিছনৰ অধীনত কৰ্মৰত আৱাসিক কৰ্মীসকলক বিনা টেট্‌ত নিযুক্তি প্ৰদান কৰিব লাগে৷যিহেতু তেওঁলোকক টেট্‌ প্ৰযোজ্য হোৱাৰ আগতে নিযুক্তি দিয়া হৈছিল৷-এই মন্তব্য সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্হাৰ সভাপতি আব্দুৰ ৰাজীৱৰ৷ সংগঠনটোৱে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত আব্দুৰ ৰাজীৱে কয়- আমি ২০০৩ চনৰ পৰা সৰ্বশিক্ষাৰ অধীনত স্থাপন কৰা আৱাসিক কেন্দ্ৰ সমূহত কৰ্মৰত হৈ আছোঁ । এই কৰ্মী সকলক বিভাগীয় বাবে সম্পূৰ্ণ মেধাৰ ভিত্তিত যোগ্যতা অনুসৰি জিলা পৰ্য্যায়ত সাক্ষাৎকাৰৰ যোগেদি নিযুক্তি প্ৰদান কৰা হৈছিল । এই কৰ্মী সকলে উক্ত কেন্দ্ৰ সমূহত ২৪ ঘণ্টা কৰ্মত নিয়োজিত হৈ থাকি শিক্ষাদান কৰি আহিছে । এই কেন্দ্ৰ সমূহত শিক্ষাৰ পৰা বঞ্চিত হৈ থকা শিশু শ্রমিক যেনে ফুটপাতত ভিক্ষা খুজি থকা শিশু,মানুহৰ ঘৰত বনকৰা হিচাপে থকা,শিল ভঙা কয়াৰীত কাম কৰা , চাহ হোটেলত কাম কৰা শিশু সকলক বুজাই আনি এই কেন্দ্ৰ সমূহত শিক্ষাদান কৰা হয় । কিন্তু অতি দুঃখৰ বিষয় এই কৰ্মী সকলক দৈনিক হাজিৰা কৰা কৰ্মীতকৈ কম মুজুৰি প্ৰদান কৰি তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব কৰি আহিছে সৰ্বশিক্ষা অভিযান মিছনে । চৰকাৰৰ বিভিন্ন সময়ৰ নিৰ্দেশনা অনুসৰি তেওঁলোকে ইতিমধ্যে শিক্ষক প্ৰশিক্ষণৰ সম্পূৰ্ণ ডিগ্ৰীও লবলৈ সক্ষম হৈছে৷ তথাপিও চৰকাৰে তেওঁলোকৰ মাননি বৃদ্ধিৰ লগতে চাকৰিৰ কোনো স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । উক্ত কৰ্মী সকলে ২০০৩ চনৰ পৰাই দাবী উত্থাপন কৰি আহিছে৷ সময়ে সময়ে বিভাগীয় বাবে আলোচনাও অনুষ্ঠিত কৰি আহিছে যদিও কোনো সুফল পোৱা নাই । কৰ্মী সকলে মুখ্যমন্ত্ৰীক বাৰম্বাৰ সাক্ষাৎতৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতো মুখ্যমন্ত্ৰীয়ে আজি পৰ্যন্ত সাক্ষাৎতৰ অনুমতি প্ৰদান কৰা নাই । মুখ্যমন্ত্ৰীয়ে সংস্থাৰ সদস্য সকলক অনুমতি প্ৰদান কৰি আলোচনাৰ মাধ্যমেৰে এই দুৰ্ভগীয়া কৰ্মী সকলৰ সমস্যা সমাধান কৰিব লাগে৷ আমি আন্দোলন মুখী হ’ব নিবিচাৰোঁ । এই কৰ্মী সকলে তিনিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী,শিক্ষা আয়ুক্ত আৰু মিছন সঞ্চালকলৈ প্ৰেৰণ কৰা হয়৷কৰ্মীসকলক ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চয়তা প্ৰদান কৰি উপযুক্ত দৰমহা প্ৰদান কৰিব লাগে৷ কৰ্মৰত কৰ্মী সকলৰ মৃত্যু হ’লে কমেও ৫ লাখ টকা আৰ্থিক সাহায্যৰ লগতে চৰকাৰী চাকৰিয়ালৰ দৰে চৰকাৰী সুবিধা সমূহ প্ৰদান কৰিব লাগে৷২০২২ চনৰ ৩১ মাৰ্চত এই কেন্দ্ৰ সমূহ বন্ধ কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই সিদ্ধান্ত বাতিল কৰিব লাগিব নহ’লে অসমত জংগী আন্দোলনৰ কৰা হ’ব৷ উক্ত সমস্যাসমূহ এক মাহৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে সমাধান নকৰিলে মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত সকলো কৰ্মীৰ পৰিয়ালৰ সদস্য সকলক লগতলৈ আত্ম জাহ দিয়াৰ হুংকাৰ প্ৰদান কৰে সংস্থাই৷সংবাদ মেলত উপদেষ্টা গজেন্দ্ৰ কামান,কাৰ্যকৰী সভাপতি জ্যোতিমালা স্বৰ্গীয়াৰী,উপ সভাপতি হাশ্বেম আলী খান, বাক্সা জিলাৰ সভাপতি আলংবাৰ বড়ো,সম্পাদিকা লীলা বড়ো উপস্থিত থাকে৷