সঁৰিয়হ ফুলাৰ বতৰতে…- নন্দেশ্বৰ মিলি

Pc The Janambhumi

সঁৰিয়হ ফুলাৰ বতৰতে…

হালধীয়া হৈ ফুলাৰ বতৰতে
কায়ুম তোমাৰ দুচকুত দেখিছিলোঁ
অবনৰি বুকুৰ সৌন্দৰ্য ।
নদীৰ সোঁতে সোঁতে কায়ুম
তোমাৰ ঠিকনা বিচাৰি ফুঁৰিছিলো
নদীৰ শুকান বালিত
খোঁজ দি দি আঁকিছিলো
তোমাৰেই প্ৰতিচ্ছবি।
হালধীয়াৰ পৰশত
উপচি উঠিছিল আৱেগ
ঐ নিঃতম হৈ
বাজি উঠিছিল সংগোপনে
মোৰ আলসুৱা হৃদয়ত।
শব্দাৰ্থঃ
কায়ুম: দেখিবলৈ ধুনীয়া।ইয়াত প্ৰেমিকাক বুজোৱা হৈছে।
অবনৰি:সোৱণশিৰি নৈখনক মিচিংসকলে অবনৰি বুলি কয়।
নন্দেশ্বৰ মিলি