ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত আন এক সাফল্য

Pc Reutres

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত আন এক সাফল্য

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত আন এক সাফল্য লাভ কৰিছে। ৰাজ্যত এক কোটিতকৈও অধিক লোকক ক’ভিডৰ দ্বিতীয় পালি ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ হৈছে। ক’-উইনত উপলব্ধ তথ্য অনুসৰি অসমত দ্বিতীয় পালি ক’ভিড ভেকচিন লাভ কৰা লোকৰ সংখ্যা হৈছে ১,০২,০৮,৯৫০জন। আনহাতে, ক’ভিডৰ প্ৰথম পালি ভেকচিন লাভ কৰিছে ২,০৬,১৪,০৭১জন লোকে। ৰাজ্যত ক’ভিড ভেকচিন লাভ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৩,০৮,২৩,০২১জন।ৰাজ্য চৰকাৰে দ্রুতগতিৰে আগবঢ়াই নিছে ৰাজ্যত ক’ভিড ভেকচিন প্ৰক্ৰিয়া। ৰাজ্যত ১০০ শতাংশই যোগ্য লোকক ভেকচিন প্ৰদান কৰিবৰ বাবে ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিছে।