হোটেল তাজ ভিভান্তত অনুষ্ঠিত হ’ব ‘নৰ্থ ইষ্ট এমএছএমই কনক্লেভ’

হোটেল তাজ ভিভান্তত অনুষ্ঠিত হ’ব ‘নৰ্থ ইষ্ট এমএছএমই কনক্লেভ’

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৮ নৱেম্বৰত হোটেল তাজ ভিভান্তাত ‘নৰ্থ ইষ্ট এমএছএমই কনক্লেভ’ অনুষ্ঠিত হ’ব৷উক্ত সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মন্ত্ৰী আৰু অন্যান্য বিষয়ববীয়া উপস্থিত থাকিব৷- এই মন্তব্য ভাৰত চৰকাৰৰ ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া সচিব মাৰ্চি ই পাওৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত মাৰ্চি ই পাওয়ে কয়- এই অনুষ্ঠানটো কেন্দ্ৰীয় ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত কৰা হৈছে৷এই কনক্লেভৰ মূল উদ্দেশ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগীকৰণ আৰু বাণিজ্যিক বিকাশ৷ভাৰতত কৰ্মসংস্হাপন আৰু উদ্যোগীকৰণ বিকাশৰ ক্ষেত্ৰত এমএছএমই মন্ত্ৰণালয়ে লেখত লবলগীয়া অৱদান আগবঢ়াই আহিছে৷বৰ্তমান দেশত প্ৰায় ৬ কোটি এমএছএমই উদ্যোগত প্ৰায় ১১ কোটি কৰ্মচাৰী নিয়োজিত হৈ আছে৷য’ত জিডিপিৰ ক্ষেত্ৰত ৩০% আৰু ৰপ্তানিৰ ক্ষেত্ৰত ৪৯% অৱদান আগবঢ়াই আহিছে৷দেশৰ অৰ্থনৈতিক সবলীকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ এমএছএমইৰ বিকাশ অত্যাৱশ্যকীয়৷ইয়াৰ বাবে এমএছএমই মন্ত্ৰণালয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু ভৱিষ্যতলৈ সহায় আগবঢ়াই থাকিব৷ভাৰত চৰকাৰৰ ৫ ত্ৰিলিয়ন অৰ্থনৈতিক লক্ষ্যত উপনীত হ’বৰ বাবে এমএছএমই মন্ত্ৰণালয়ে যুৱ প্ৰজন্মক উদ্যোগমুখী কৰিবৰ বাবে বিভিন্ন আঁচনিৰ দ্বাৰা উৎসাহিত আৰু অনুপ্ৰাণিত কৰি আহিছে৷এনেকুৱা কনক্লেভৰ দ্বাৰা দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে আৰু লগতে মন্ত্ৰণালয়ৰ বিভিন্ন আঁচনিত প্ৰয়োগৰ ক্ষেত্ৰত উদ্যোগীসকলক প্ৰভূত অৰিহণা আগবঢ়াব সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ জৰিয়তে৷আনহাতে ১৯ নৱেম্বৰত মণিৰাম দেৱান ট্ৰেড চেন্টৰত এচ চি আৰু এচ টিৰ বাবে এমএছএমইৰ আঁচনি মুকলি কৰা হ’ব৷