শিশু দিৱস উপলক্ষে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) ৰ খাদ্য বিতৰণ

শিশু দিৱস উপলক্ষে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) ৰ খাদ্য বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৪ নৱেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিন উপলক্ষে শিশু দিৱস উদযাপন কৰে। তাৰ লগতে সংগতি ৰাখি গোলাঘাট জিলাৰ ঐতিহ্যবাহী মহাবিদ্যালয় দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন.এছ.এছে এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ প্ৰায় ২০ জন মান ছাত্ৰ ছাত্ৰীৰ গোটে গোলাঘাট জিলাৰ মাজমজিয়াত বাটে-ঘাটে পোৱা প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ শিশুক খাদ্য বিতৰণ কৰাৰ লগতে কিছু পৰিমানৰ গৰম বস্ত্ৰ প্ৰদান কৰে।অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাত মহাবিদ্যালয়ৰ আধ্যাপক ৰাজীৱ বসুমতাৰী ডাঙৰীয়াই যথেষ্ট সহায় সহযোগিতা আগবঢ়াই বুলি ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ দিয়ে।