তিনিচুকীয়াত পৰীক্ষাগৃহতে কৰুণ মৃত্যুক সাবটিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে

Pc- patrika

তিনিচুকীয়াত পৰীক্ষাগৃহতে কৰুণ মৃত্যুক সাবটিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ৰ পৰীক্ষাগৃহত পৰীক্ষা দিবলৈ বহি থকাৰ সময়তে হঠাতে ঢলি পৰি দশম শ্রেণীৰ এগৰাকী মেধাবী ছাত্রীয়ে আকস্মিকভাবে মৃত্যুক সাবটিলে। এই মৃত্যুৰ ঘটনাই তিনিচুকীয়া জিলাতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।মাকুম জ্যোতি নগৰৰ সোনমণি বৰুৱা আৰু বীৰেণ গগৈৰ ১৫ বছৰীয়া কন্যা বিপাঞ্চী বাৰী গগৈ। ছাত্ৰীগৰাকী ঢলি পৰাৰ পাছতে বিদ্যালয়ৰ কর্তৃপক্ষই ততাতৈয়াকৈ ওচৰতে থকা ব্যক্তিগত চিকিৎসালয় লাইফ লাইনলৈ লৈ যায় যদিও জৰুৰীকালীনভাবে আন এখন চিকিৎসালয় আৰ চি মেমৰিয়েল চিকিৎসালয়লৈ লৈ যাবলৈ পৰামর্শ দিয়ে চিকিৎসকে। কিন্তু অতি দুর্ভাগ্যজনকভাৱে ছাত্ৰীগৰাকীক আৰ চি মেমবিয়েল চিকিৎসালয়ত ভর্তি কৰোৱাৰ পাছতেই চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীৰ মৃতদেহ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে। ইতিমধ্যে এই ঘটনাই বিদ্যালয়খনত আজি শোকৰ বন্যা বয়। উল্লেখ্য যে মেধাবী ছাত্রী বিপাঞ্চী বাৰী গগৈ সাংস্কৃতিক দিশতো আগৰণুৱা আছিল। ছাত্ৰীগৰাকীৰ মৃত্যুত বিদ্যালয়খনৰ লগতে মাকুম অঞ্চলত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।