বিশ্বৰ সৰ্ববৃহৎ ইছলামিক দেশ ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কন্যা সুকমাৱতীয়ে ত্যাগ কৰিলে ইছলাম ধৰ্ম

বিশ্বৰ সৰ্ববৃহৎ ইছলামিক দেশ ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কন্যা সুকমাৱতীয়ে ত্যাগ কৰিলে ইছলাম ধৰ্ম, ইছলাম ধৰ্ম ত্যাগ কৰি ল’লে হিন্দু ধৰ্ম

ৰঙিলী বাৰ্ত্তাসেৱা-  ইণ্ডোনেছিয়াত ইছলাম ধৰ্মীৰ সংখ্যা সৰ্বাধিক।বিশ্বৰ ভিতৰতে সৰ্বাধিক ইছলামিক লোক ইণ্ডোনেছিয়াত আছে। কিন্তু সৰ্ববৃহৎ ইছলামিক দেশ ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কন্যা সুকমাৱতীয়ে ইছলাম ত্যাগ কৰি ল’লে হিন্দু ধৰ্ম। ইণ্ডোনেছিয়াৰ ৰিপ’ৰ্টৰ মতে  সুকৰ্ণা হেৰিটেজ এৰিয়াত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।এক পূজাত অংশ লৈ হিন্দু ধৰ্মক আঁকোৱালি লোৱাৰ সিদ্ধান্ত লয় ৭০ বছৰীয়া সুকমাৱতীয়ে।সুকমাৱতীয়ে হিন্দু ধৰ্মলৈ পৰিৱৰ্তিত হোৱা অনুষ্ঠানক ‘শুদ্ধি’ কোৱা হৈছে।সুকমাৱতী ইণ্ডোনেছিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি সুকৰ্ণাৰ তৃতীয় কন্যা।২০১৮ত তেওঁ কঠোৰপন্থী ইছলামিত গোটে তেওঁৰ বিৰুদ্ধে ধৰ্মনিন্দাৰ অভিযোগ কৰিছিল।সুকমাৱতীয়ে লিখা এটা কবিতাই ইছলামক অপমান কৰাৰ আপত্তি কৰিছিল কট্টৰপন্থী সকলে৷এই বিতৰ্কৰ পাছত সুকমাৱতীয়ে নিজৰ কবিতাটোৰ কাৰণে ক্ষমা বিচাৰে কিন্তু বিবাদৰ অন্ত নপৰে।সুকমাৱতীৰ পিতৃ সুকৰ্ণাৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক যথেষ্ট ভাল আছিল।