মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰক্ষীৰ চাৰ্জশ্বীট দাখিল উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যাই

Pc- The Hindu

মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰক্ষীৰ চাৰ্জশ্বীট দাখিল উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যাই

ৰঙিলী বাৰ্ত্তাসেৱা-  মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে দিছপুৰ আৰক্ষীয়ে। ৰাজকন্যাৰ জামিন আবেদনৰ শুনানিৰ সময়ত আদালক চৰকাৰী পক্ষই দিয়ে এই তথ্য।মঙলবাৰে ৰাজকন্যাৰ জামিন আবেদনৰ হৈছিল শুনানি।ইতিমধ্যে উচ্চ ন্যায়ালয়ে গোচৰটো ক্ল’জ কৰি জামিনৰ শুনানীৰ বাবে নিম্ন আদালতলৈ প্ৰেৰণ কৰিছে।উল্লেখ্য যে, ২ অক্টোবৰৰ নিশা ৮ জনকৈ শ্ৰমিকক গাড়ীৰে মহটিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা বৰুৱাক ৬ অক্টোবৰত মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছিল।ইয়াৰ পূৰ্বে চিকিৎসাৰ দোহাই দি জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰাজকন্যা।