ফাঁচীকাঠ
ৰিতু ভৰালী,
যোৰহাট
চিনাকি হওঁ আহা
তোমাৰ ঠিকনা
মোৰ !
সেইযে দৃষ্টিহীন চহৰৰ পথাৰখন
তাতেই মোৰ ঘৰ
কিৰিলিৰে জপনা বন্ধা
যদি যোৱা লৈ যাম তোমাক
তুমি যাবনে ?
যাম ।
কোৱা !
তোমাৰ ঠিকনা ?
মোৰ!
সেইযে তুমি অহাৰ বাটত মদাৰ জোপা তাতেই মোৰ ঠিকনা ওলমি আছে
তুমি নিজেই লিখি ল’বানে..?