সৰভোগত সুৰাপায়ীৰ ৰোষত পৰিল কন্ঠশিল্পী ভৃগু কাশ্যপ

সৰভোগত সুৰাপায়ীৰ ৰোষত পৰিল কন্ঠশিল্পী ভৃগু কাশ্যপ, সুৰাসক্ত যুৱকে আক্ৰমণ কৰিলে ভৃগু কাশ্যপৰ গাড়ীত

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটাৰ সৰভোগত সুৰাপায়ীৰ ৰোষত পৰিল কন্ঠশিল্পী ভৃগু কাশ্যপ৷ গুণজিৎ বৰ্মণ নামৰ এজন সুৰাসক্ত যুৱকে কন্ঠশিল্পী ভৃগু কাশ্যপৰ গাড়ীৰ ক্ষতিসাধন কৰে৷সৰভোগৰ কমাৰগাঁৱত লক্ষ্মীপূজাৰ সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰিছিল ভৃগু কাশ্যপে৷ অনুষ্ঠানৰ শেষত নিশা কন্ঠশিল্পীগৰাকীয়ে আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে গুণজিৎ বৰ্মণ নামৰ যুৱকজনে গুৰিয়াই লথিয়াই গাড়ীখনৰ ক্ষতিসাধন কৰে৷ অৱশ্যে স্থানীয় লোকে লগে লগে যুৱকজনক আটক কৰি সৰভোগ আৰক্ষীক গটাই দিয়ে৷