দেৱালীত আতচবাজীৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ

দেৱালীত আতচবাজীৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ, আৰক্ষীয়ে অবৈধ আতচবাজী জমা কৰা লোকসকলক আটক কৰিব, দুঘণ্টাৰ বাবেহে পৰিৱেশ অনুকূল ফটকা ফুটাবলৈ অনুমতি

ৰঙিলী বাৰ্ত্তাসেৱা-  দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ৰাজ্যখনত গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে কাৰ্যকৰী হৈ থাকিব।দুঘণ্টাৰ বাবে গ্ৰীন ফটকা অৰ্থাৎ তুলনামূলকভাৱে পৰিৱেশ অনুকূল ফটকা ফুটাবলৈ অনুমতি।ৰাজ্যিক আৰক্ষীক আতচবাজীৰ যোগান বন্ধ কৰিবলৈ ব্যৱস্থা ল’বলৈও কৈছে।ৰাজ্যিক প্ৰদূষণ সংস্থাটোৱে ৰাজ্যখনৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককো নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ কৈছে।আৰক্ষীয়ে অবৈধ আতচবাজী জমা কৰা লোকসকলক আটক কৰিব।