স্বামী-পৰিয়ালৰ মংগল কামনাৰে ৰাজভৱনৰ বাকৰিত উদযাপন কৰৱা চ’থ

স্বামী-পৰিয়ালৰ মংগল কামনাৰে ৰাজভৱনৰ বাকৰিত উদযাপন কৰৱা চ’থ, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  হিন্দু ধৰ্মাৱলম্বী বিবাহিতা মহিলাসকলে স্বামীৰ সুস্বাস্থ্য,দীৰ্ঘায়ু আৰু মংগল কামনা কৰি পৰম্পৰাগতভাৱে পালন কৰি অহা কৰভা চথ উৎসৱ দেওবাৰে বিয়লিৰ পৰা সন্ধিয়ালৈ ৰাজভৱনৰ বাকৰিত উদযাপন কৰা হয়।ৰাজ্যৰ প্ৰথম মহিলা প্ৰেম মুখিয়ে উৎসৱ উদযাপনৰ তাৎপৰ্য আৰু ইয়াৰ আঁৰত মহাভাৰতৰ দিনৰে পৰা থকা বিশ্বাস,পৰম্পৰা আদিৰ বিষয়ে চমুকৈ সদৰি কৰে। ৰাজভৱনত কৰৱা চ’থত অংশ ল’লে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু অভিনেত্ৰী আইমী বৰুৱাই। উৎসৱত ভাগ লোৱা মহিলাসকলে পৰম্পৰাগতভাৱে যাৱতীয় মাংগলিক কার্যৰ মাজেৰে  স্বামীৰ মংগল কামনা কৰে আৰু ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে।