বিৰক্তিকৰ মূহুৰ্ত্ত – ইৰা বৰুৱা

pc The Verge

বিৰক্তিকৰ মূহুৰ্ত্ত

ইৰা বৰুৱা,
তৰুণৰাম ফুকন পথ,

যোৰহাট- ১

টং টং টং সাদৰি বৰুৱাৰ  ঘৰৰ কলিং বেলটো বাজিল। কিছু সময়ৰ আগতে মাছ বেপাৰী, পাচলি বেপাৰী, তাৰ কিছু সময়ৰ আগতে ফেৰীৱালা, বিয়াৰ নিমন্ত্ৰণ এতিয়াবা কোন আহিল। তেওঁ বাহিৰলৈ ওলাই গৈ দেখিলে ৪/৫ গৰাকীমান মহিলা ভাগৱত পাঠৰ বাবে ঘৰে ঘৰে পইচা তুলি ফুৰিছে। হ’ল বুলিনো আৰু এনেকৈ কোনো ৰছিদ বহি নোহোৱাকৈ পইচা তোলা নিয়ম আছেনে ? তাতে আকৌ মহিলা ১০/২০ টকা দিলে হাতেই নেমেলে। ভগৱতৰ নাম শুনি নিদিওঁ বুলি ক’লে পাপ হ’ব বুলি ভাবিয়েই ৫০ টকা এখন আগবঢ়াই দি বিদায় দিলে।

দুপৰীয়া সময়খিনিত সাদৰী বৰুৱাৰ ঘৰত কোনো নাথাকে। সোনকালে ৰন্ধা-বঢ়া খিনি কৰি ৰাতি ৰং চেনেলৰ চিৰিয়েল কিখনৰ পুনৰ সম্প্ৰচাৰ হোৱা খণ্ডকিটা শান্তিৰে চাব পাৰে। নাতিনীজনী থাকিলে কাৰ্টুন চোৱা, ল’ৰা ঘৰত থাকিলে খেল চোৱা, বোৱাৰীৰ হিন্দি চিৰিয়েল মুঠতে সিহঁত ঘৰত থকা সময়ত সাদৰী বৰুৱাৰ বাবে টি.ভি. চোৱা নিষিদ্ধ। ২-৩০ বাজিবৰ হ’ল অৰ্দ্ধাঙ্গিনী চিৰিয়েল খন দিবৰ হৈছে। সাদৰী বৰুৱাই ভাতকিটা খাই টি.ভি.ৰ চুইচটো দি বিছনা খনটে আঁউজী বহিছেহে মাত্ৰ, আকৌ কটং কটং বেলটো বাজিল। আস এই দুপৰীয়া খননো কোন আহিল। সাদৰী বৰুৱাই যাওঁ নেযাওঁকৈ মূখখন বেকা কৰি ওলাই গ’ল। দৰ্জ্জাখন খুলি দেখিলে ওচৰৰ শইকীয়ানী। অ’ আপুনিহে। শইকীয়ানীয়ে নাতিনীজনীক লগত লৈ অকনমান বহিম বুলি আহিছে। বোৱাৰীজনী হেনো বজাৰলৈ গৈছে সেয়েহে তাইক আঁতৰাই আনিছে। সাদৰী বৰুৱাৰ মূৰৰ ঘিউ উতলিল। মনতে ভাবিলে আহিল আৰু কামোৰ দিবলৈ। চিৰিয়েলখন চোৱাও মূদা মৰিল। দিনত চিৰিয়েল কিখন চাবলৈ নাপালে তেওঁ মনত বৰ কষ্ট পায়। মূখত কৃত্ৰিম হাঁহিৰ অনিচ্ছা স্বত্তেও বৰুৱানীয়ে শইকীয়ানীৰ লগত কথা পাতিলে। শইকীয়ানীৰ নিজৰ পৰিয়ালৰ প্ৰসংশাৰ লগতে কাৰ ঘৰৰ বোৱাৰী কেনেকুৱা, কোনে কি পিন্ধে, কাৰ ল’ৰাই কাৰ ছোৱালী ভাল পায়। আদি কথাৰে সাদৰী বৰুৱাক অতিষ্ঠ কৰিলে। সাদৰী বৰুৱাই মাথো মূৰ দুপিয়াই শলাগি গ’ল।

হঠাৎ হেৰি নহয় বৰুৱানী আপোনাৰ গা-মন বেয়া নেকি ? নহয় কিয় সুধিলে। নহয় মানে আপোমাৰ মূখখন দেখি কিবা অশান্তিত আছে লাগিছে। এঃ নাই একো ভাত ঘুমটিয়েহে ধৰিছে। অ’ বুজিছে বৰুৱানী মোৰ আকৌ মনটো বেয়া লাগিছে টি.ভি.টোকে চাই বহি থাকো। ইহঁতৰ টি.ভি.টো ইহঁতে চাই থাকে বাবে মোক এটা আনি দিছে। গতিকে যেতিয়াই মন যায় চাব পাৰো। এতিয়াযে ৰং, ৰেঙনি, জোনাক চেনেলত ইমান ধুনীয়া ধুনীয়া চিৰিয়েলবোৰ দিছে মই এখনো বাদ নিদিওঁ। অ’ ভালেই কৰে, কিছুদেৰীৰ পিছত চাহ একাপ খাই শইকীয়ানী গ’লগৈ। ঢাপৰ সিপাৰে থকা মিচেছ্ দুৱৰাই খিৰিকিয়েদি বৰুৱানীক মাতিলে, হেৰি শুনকচোন এই মানুহজনীৰ আৰু দুপৰীয়াখন কাম-বন নাই নেকি ? আমাৰ ঘৰলৈকো আহি কলিং বেল বজাইছিল। মাজনীয়ে দৰ্জ্জা খুলি নিদিলে। তেখেতে আমি নাই বুলি গ’লগৈ।

আমি দুয়োজনীয়ে চিৰিয়েল চাই আছিলো। এনে কথাই ব’ৰ কৰে নহয়। মাথো পৰ চৰ্চ্চা আৰু পৰিয়ালৰ গুণানুকীৰ্তন। শুনি শুনি আমনি লাগে আৰু। বৰুৱানীয়ে দীঘল নিশ্বাস এটা টানি ক’লে, হয় দিয়ক নিকা সমাজত আৱৰ্জ্জনা ঢালিবলৈকো এনে মানুহৰ প্ৰয়োজন।