ভাৰতত ১৫হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত   

pc- Johnson & Johnson

ভাৰতত ১৫হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত   

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ভাৰতত যোৱা ২৪ঘণ্টাত নতুনকৈ ১৫,৯৮১ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ ১৬৬ জন লোকৰ মৃত্যু হৈছে। নতুনকৈ সংক্ৰমিত হোৱা লোকৰ ৫৫% কেৰালাৰ। কেৰালাত নতুনকৈ ৮,৮৬৭ জন লোক সংক্ৰমিত হৈছে আৰু ৬৭ জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ২,০১ ৬২৩ টা সক্ৰিয় ঘটনা আছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৫১,৯৮০লৈ বৃদ্ধি হৈছে। দেশত পুনৰুদ্ধাৰৰ হাৰ বৰ্তমান ৯৮.০৮%।