দিল্লীত ৩য় সংখ্যক ৰাষ্ট্ৰীয় মুকলি জেভলিন থ্ৰ’ চেম্পিয়নশ্বিপ

Pc- adobe stock

দিল্লীত ৩য় সংখ্যক ৰাষ্ট্ৰীয় মুকলি জেভলিন থ্ৰ’ চেম্পিয়নশ্বিপ;
১৭ অক্টোবৰত সৰুসজাইত খেলুৱৈ বাছনি শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা – ভাৰতীয় এথলেটিকছ ফেডাৰেচনে চলিত বৰ্ষৰ ২৩-২৪ অক্টোবৰত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰিব ৩য় সংখ্যক ৰাষ্ট্ৰীয় মুকলি জেভলিন থ্ৰ’ চেম্পিয়নশ্বিপ। তাৰ পৰিপ্ৰেক্ষিতত অসম এথলেটিকছ এছ’চিয়েশ্যনে ১৭ অক্টোবৰত সৰুসজাই ক্ৰীড়া প্ৰকল্পত পুৱা ৯ বজাত খেলুৱৈ বাছনি শিবিৰৰ আয়োজন কৰিছে। পুৰুষ-মহিলা,২০ বছৰৰ অনুৰ্ধ ল’ৰা-ছোৱালী,১৮ বছৰ অনুৰ্ধ্ব ল’ৰা-ছোৱালী,১৬ বছৰ অনুৰ্ধ্ব ল’ৰা-ছোৱালী এথলীট সকলৰ বাবে এই বাছনি শিবিৰ মুকলি থাকিব। বাছনি শিবিৰলৈ আহোতে এথলীট সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট,জন্মৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ড লগত আনিব লাগিব। ইয়াৰ উপৰিও এই বাছনি শিবিৰত অংশগ্ৰহণৰ সময়ত অসম চৰকাৰে জাৰি কৰা ক’ভিড নিৰ্দেশনাসমূহ খেলুৱৈসকলে মানি চলিব লাগিব।এই বাছনি শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলে নিগেটিভ আৰটিপিচিআৰ পৰীক্ষাৰ প্ৰমাণপত্ৰ দেখুওৱাব লাগিব। আনহাতে এএফআইয়ে নিৰ্ধাৰণ কৰা প্ৰৱেশৰ মানদণ্ড নিৰূপণ কৰিহে জিলা ক্ৰীড়া সন্থাসমূহক এথলীটসকলক বাছনি শিবিৰলৈ প্ৰেৰণ কৰিবলৈ এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে।