যোৰহাটত আইন সজাগতামূলক চাইকেল ৰেলী

pc The Hans India

যোৰহাটত আইন সজাগতামূলক চাইকেল ৰেলী

অনলাইন বাৰ্ত্তাসেৱা – যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু যোৰহাট চাইক্লিং কমিউনিটিৰ সহযোগত এক আইন সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰা হয়। যোৰহাট জিলা ন্যায়াধীশ কাৰ্যালয়ৰ কৰ্মচাৰী, যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী, অৰ্ধ আইনী স্বেচ্ছাসেৱকসকল আৰু যোৰহাট চাইক্লিং কমিউনিটিৰ সদস্য তথা যোৰহাট যান বাহন শাখাৰ আৰক্ষীসকলে এই ৰেলীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে ২ অক্টোবৰৰ পৰা সমগ্ৰ ভাৰত জুৰি আৰম্ভ হোৱা আইন সজাগতামূলক অভিযানৰ অংশ হিচাপে উলিওৱা চাইকেল বেলীত বিশেষভাৱে সক্ষম ব্যক্তি শ্যামল কুমাৰ বৰায়ো অংশগ্ৰহণ কৰে। পুৱা ৬.৩০ বজাত যোৰহাট জিলা ন্যায়াধীশৰ আদালতৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী গড় আলি, যোৰহাট সদৰ, লিচুবাৰী, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখেৰে আহি পুনৰ আদালতৰ প্ৰাংগণত অন্ত পৰে। চাইকেল বেলীৰ ফ্লেগ অফ কৰে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া বংকিম শৰ্মাই। এই অভিযানৰ অংশ হিচাপে অংশগ্রহণকাৰী সকলৰ মাজত যোৰহাট জিলা আইন সেৱা হিচাপে প্ৰাধিকৰণৰ দ্বাৰা প্ৰস্তুত কৰা আইন সম্পৰ্কীয় প্ৰচাৰ পত্ৰ বিতৰণ কৰা হয়। শৰ্মাই জানিবলৈ দিয়া মতে, ৪৪ দিনীয়া আইন সজাগতাৰ অংশ হিচাপে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা যোৰহাট জিলাৰ বিভিন্ন স্থানত আইন সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। তাৰ অংশ স্বৰূপে ৪ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈকে প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বিভিন্ন চৰকাৰী কাৰ্যালয়ত জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত সহায় কৰিব। এই সুবিধা গ্ৰহণ কৰিবৰ বাবে তেওঁ সকলো ৰাইজক আহ্বান জনায়।