‘গডফাদাৰ অৱ ব্লেক চিনেমা’ হিচাপে খ্যাত ৮৯ বছৰীয়া চলচ্চিত্ৰকাৰ মেলভিনৰ বিয়োগ

pc NEWKERALA

‘গডফাদাৰ অৱ ব্লেক চিনেমা’ হিচাপে খ্যাত ৮৯ বছৰীয়া চলচ্চিত্ৰকাৰ মেলভিনৰ বিয়োগ

অনলাইন বাৰ্ত্তাসেৱা – ১৯৭০ৰ দশকত খ্যাতিৰ শিখৰত আৰোহণ কৰা ‘গডফাদাৰ অৱ ব্লেক চিনেমা’ হিচাপে খ্যাত ৮৯ বছৰীয়া চলচ্চিত্ৰকাৰ মেলভিনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ছবি পৰিচালক স্পাইক লী, আভা ডুভাৰনে আৰু বেৰি জেনকিনছে। ‘ৱাটাৰমেলন মেন’ আৰু ‘ছুইট ছুইটবেকছ বাড়াছ ছং’ ছবিৰ জৰিয়তে মেলভিনে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। যোৱা মঙলবাৰে নিউয়ৰ্কত নিজ বাসভৱনত বিশিষ্ট চলচ্চিত্ৰকাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। লক্ষণীয়ভাৱে আমেৰিকাত বৰ্ণবিদ্বেষৰ বিৰুদ্ধে চলচ্চিত্ৰকাৰ মেলভিনে এক সাংস্কৃতিক যুদ্ধ আৰম্ভ কৰিছিল ছবিৰ মাজেৰে।