হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অভিনেতা নানা পাটেকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জীৱন নাট সামৰি পৰলোকলৈ গমন কৰিলে ভাৰতীয় বিনোদন জগতৰ অন্যতম শক্তিশালী অভিনেতা নানা পাটেকাৰে। বলীউডৰ প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ বৃহস্পতিবাৰে পুৱা ৭৫ বছৰ বয়সত দেহাৱসান ঘটে । প্ৰাথমিকভাৱে জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱতিনিশা নিজৰ বাসগৃহতে হৃদৰোগত আক্রান্ত হৈ হঠাৎ সংজ্ঞা হেৰুৱাই পেলায় তেওঁ। ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা হ’লেও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় অভিনেতাগৰাকী। বুকুৰ বিষ অনুভৱ কৰাৰ পিছত সংজ্ঞা হেৰুৱাই পেলোৱা বর্ষীয়ান অভিনেতাগৰাকীক পুৱা পাঁচ বজাত ততাতৈয়াকৈ গোৱাৰ মণিপাল হাস্পতালত ভর্তি কৰোৱা হয়। ৪৫ মিনিট সময় ধৰি চিপিআৰ দি তেওঁক বচোৱাৰ শেষ চেষ্টা কৰিছিল চিকিৎসকসকলে। কিন্তু তেওঁলোকৰ চেষ্টা ব্যর্থ হয়। ডোনা প’লাৰ এপার্টমেন্টত তেওঁক অচেতন অবস্থাত পোৱাৰ পাছত এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ৪৫ মিনিট তেওঁক চি পি আৰ (কার্ডিঅ’পুলমনাৰী বিচাচিটেশ্যন) দিয়াৰ পাছতো পাটকাৰে আৰোগ্য লাভ নকৰে আৰু পুৱা ৫-২০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়। চিকিৎসালয়খনৰ মতে, তেওঁৰ মৃত্যুৰ সন্দৰ্ভত এক ‘মেডিক’ লীগেল’ গোচৰ পঞ্জীয়ন কৰা হয়। পাটেকাৰৰ এজন বন্ধুবে চিকিৎসালয়খনৰ চিকিৎসকক জনোৱা মতে, অভিনেতাজনে পুৱতি নিশা ৩-৩০ মান বজাত, তেওঁ অসুস্থ অনুভৱ কৰা বুলি এটা মেছেজ পঠাইছিল। বন্ধুজনে ৪ মান বজাত মেছেজটো দেখে আৰু খৰখেদাকৈ পাটেকাৰৰ এপার্টমেন্টলৈ যায়। এপার্টমেন্টত পাটেকাৰ এজন কেয়াৰটেকাৰৰ সৈতে থাকে। কেয়াৰটেকাৰজন এখন ব্যক্তিগত চিকিৎসালয়ে যায়, আৰু পাটেকাৰৰ এপার্টমেন্টলৈ চিকিৎসালয়খনে এখন এম্বুলেন্স পঠিয়াই দিয়ে। জনপ্রিয় অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে অনুৰাগীসকল। নানা পাটেকাৰৰ জন্ম হৈছিল ১৯৫১ চনৰ পহিলা জানুৱাৰীত মহাৰাষ্ট্ৰত। নানাৰ আচল নাম আছিল বিশ্বনাথ পাটেকাৰ। কিন্তু অভিনয় জীৱনত তেওঁ নানা নামেৰেই জনপ্ৰিয় হৈ পৰে। ১৯৭৮ চনত নীলকান্তি পাটেকাৰক বিয়া কৰায় তেওঁ। বেংকত চাকৰি কৰা নীলকান্তিয়ে পূর্বে থিয়েটাৰৰ সৈতেও জড়িত আছিল। সেই সময়তে তেওঁৰ সৈতে পৰিচয় নানাৰ। পিছত বিয়া। নানাৰ অভিনয় জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত নীলকান্তি তেওঁৰ সৈতেই আছিল যদিও পিছলৈ সময়ৰ লগে লগে তেওঁলোকৰ মাজত দূৰত্বৰ সৃষ্টি হয়। বহুবছৰ ধৰি বেলেগ হৈ থাকিলেও তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই। বিয়াৰ পিছত তেওঁলোকৰ প্ৰথম পুত্ৰ সন্তান দুর্বাসাৰ জন্ম হয়। বিভিন্ন শাৰীৰিক সমস্যাত ভুগি থকা দুর্বাসাৰ মাত্ৰ আঢ়ৈ বছৰ বয়সতে মৃত্যু হয়। পুত্র শোকত ভাগি পাৰে নানা। তেওঁৰ দ্বিতীয় পুত্ৰ মালহাৰ পাটেকাৰে পিতৃৰ মৃত্যুৰ খবৰ সংবাদ মাধ্যমত নিশ্চিত কৰে। অভিনয়ৰ তীব্রতা, সংলাপ প্রক্ষেপণৰ নিজস্ব ভংগী আৰু জটিল তথা গতানুগতিকতাৰ বাহিৰত থকা চৰিত্ৰক ৰূপালী পর্দাত বিশ্বাসযোগ্য কৰি তোলাৰ দক্ষতাই তেওঁক অভিনেতাৰ সুকীয়া মর্যাদা প্রদান কৰিছিল। তিনিবাৰ তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰেৰে সন্মানিত হয়। এইগৰাকী অভিনেতাৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ তালিকাত আছে- নটসম্রাট, বাজুদ, গমন, পৰিন্দা, প্ৰহাৰ, অগ্নিসাক্ষী, ত্ৰিৰংগা, ক্ৰান্তিবীৰ, ৰাজনীতি, অংগাৰ, অৱ টক চাপ্পন, যশৱন্ত ইত্যাদি। মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ সৈতে জড়িত আছিল তেওঁ। কাম কৰিছিল তামিল চিনেমাতো। ১৯৭৮ চনত ‘গমন’ ছবিৰ জৰিয়তে হিন্দী চিনেমাত পদাপৰ্ণ কৰা নানাই ক্ৰমান্বয়ে ‘ছালাম বম্বে !’ আৰু ‘পৰিন্দা’ দৰে চিনেমাৰ জৰিয়তে নিজৰ সুকীয়া পৰিচয় বনাবলৈ সক্ষম হয় ৷ ‘পৰিন্দা’ত তেওঁৰ অভিনয়ৰ জৰিয়তে বহু প্ৰশংসা লাভ কৰিছিল আৰু তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছিল । অংগাৰ, তিৰংগা, ক্ৰান্তিবীৰ, অগ্নি সাক্ষী, খামোশী: দ্য মিউজিকেল, যশৱন্ত, অৱ তক ছপ্পন, অপহৰণ, ৰাজনীতি আদি ছবিত তেওঁ স্মৰণীয় অভিনয় কৰিছিল । তেওঁৰ চৰিত্ৰবোৰ প্ৰায়ে শক্তিশালী আৰু সুকীয়া সংলাপ প্ৰদানৰ স্বকীয় পদ্ধতিৰ বাবে জনাজাত আছিল । মাৰাঠী চিনেমা আৰু থিয়েটাৰৰ লগতো যথেষ্ট জড়িত আছিল । ১৯৯১ চনত তেওঁ পৰিচালনা আৰু অভিনয় কৰা প্ৰহাৰ: দ্য ফাইনেল এটেক ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে । তেওঁ হিন্দী আৰু মাৰাঠী প্ৰকল্পৰ মাজত পৰ্যায়ক্ৰমে কাম কৰি আহিছে । নানা গভীৰ আৰু শক্তিশালী চৰিত্ৰৰ বাবে বেছিকৈ পৰিচিত আছিল যদিও তেওঁ ‘ৱেলকাম’ ফ্ৰেঞ্চাইজিত নিজৰ কমিক দিশটোও দেখুৱাইছিল । ‘ৱেলকাম’ত তেওঁৰ উদয় শ্বেট্টীৰ চৰিত্ৰই বিপুল জনপ্ৰিয়তা লাভ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজিক নৱ প্ৰজন্মৰ দৰ্শকৰ সৈতে পৰিচয় কৰাই দিছিল । চিনেমালৈ নানাৰ অৱদানক কেইবাটাও ডাঙৰ সন্মানেৰে স্বীকৃতি দিয়া হয় । চিনেমা আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰে । চলচিত্ৰৰ উপৰিও নানা বিভিন্ন সামাজিক কামৰ লগত জড়িত হোৱাৰ বাবেও পৰিচিত আছিল । নাম ফাউণ্ডেচনৰ জৰিয়তে তেওঁ কৃষক আৰু পৰিয়ালক সহায় কৰিছিল; তেওঁ অভিনেতা মাকাৰন্দ আনাছপুৰৰ সৈতে এই ফাউণ্ডেশ্যনটো সহ-প্ৰতিষ্ঠা কৰিছিল । বলিউডৰ যশস্বী অভিনেতাগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নানা পাটেকাৰৰ বলিষ্ঠ আৰু হৃদয়স্পৰ্শী অভিনয়ৰ প্ৰশংসা কৰি তেওঁৰ মৃত্যু ভাৰতীয় চিনেমাৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী আৰু মাৰাঠী চিনেমালৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানক স্মৰণ কৰে ৷
