ঘোষণা হ’ল মেট্রিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ এছেব-এ। এক নির্দেশনাযোগে পৰিষদে অহা ১২ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ মেট্রিক পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময় নির্ধাৰণ কৰিছে। এছেবৰ নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে অহা ১২ নৱেম্বৰৰ ভিতৰত অনলাইন পেমেন্টসমূহ দিব লাগিব। চালানযোগে ধন প্ৰদান কৰিবলৈ হ’লে ১৬ নৱেম্বৰ অন্তিম সীমা নির্ধাৰণ কৰিছে পৰিষদে। আনহাতে অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময়ত যদিহে নথি-পত্রসমূহত কিবা ভুল থাকে, তেন্তে অহা ১৯ নৱেম্বৰলৈ শুদ্ধ তথ্য আপলোড কৰিব পাৰিব শিক্ষার্থীয়ে। অৱশ্যে মাচুল প্রদানৰ ক্ষেত্ৰত এছবিআইৰ অনলাইন অথবা এছবিআই চালানৰ মাধ্যমতহে ধন দিব পাৰিব। ইয়াৰ বাদেও আগন্তুক পৰীক্ষাক লৈ পৰিষদে মাচুলসমূহো নিৰ্ধাৰণ কৰিছে। এই অনুসৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবদ ৭০০ টকা পৰীক্ষা মাচুল হোৱাৰ লগতে প্রযোজ্য হোৱা ব্যৱহাৰিক পৰীক্ষাসমূহৰ বাবে ১৫০ টকা মাচুল আদায় দিব লাগিব। অৱশ্যে চৰকাৰী অথবা ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় আৰু স্বীকৃতিপ্রাপ্ত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছৰেকীয়া আয় ৪ লাখতকৈ কম, তেওঁলোকৰ মাচুলসমূহ ৰেহাই দিয়া হৈছে। যিসকল প্রার্থীয়ে দশম শ্ৰেণীৰ ইণ্টাৰনেল পৰীক্ষা, গোট পৰীক্ষা আৰু ছয়মাহিলি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই, তেওঁলোকক আগন্তুক মেট্রিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে কেন্দ্র মাচুল ৩৫০ টকাকৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবদ পৰিষদে নিৰ্ধাৰিত সময়ত কেন্দ্রসমূহক প্ৰদান কৰিব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰসমূহ সংযোজনৰ বাবে অহা ১৪ ডিচেম্বৰৰ পৰা প’ৰ্টেলসমূহ মুকলি কৰা হ’ব।
