চিজেপিৰ প্ৰতিবাদত দিল্লী আৰক্ষীৰ লাঠীচালনা-কন্দুৱা গেছ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে নতুন দিল্লীত ক’কৰোচ্ছ জনতা পাৰ্টী (CJP)-এ সংসদলৈ পদযাত্ৰ কৰে ৷ আৰক্ষীৰ তৰফৰ পৰা অনুমতি নিদিয়া সত্ত্বেও পূর্বে ঘোষণা কৰা মতে সংসদ অভিযানত নামে ক’কৰোচ জনতা পার্টী (চিজেপি)। ১৬৩ ধাৰা উপেক্ষা কৰি চিজেপিৰ সমৰ্থকসকলৰ এই অভিযানক লৈ ৰাজধানীত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। যিমানে সংদৰ অভিমুখে প্ৰতিবাদকাৰীয়ে গতি কৰিছিল, সিমানেই আৰক্ষীয়ে তেওঁলোকক বাদা দিবলৈ চেষ্টা কৰিছিল ৷ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয় ৷ বেৰিকেড ভাঙি সমদল আগুৱাই যোৱাৰ চেষ্টা কৰাত সমৱেত লোকসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়। প্রায় ৫ হাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কৰ্মী মোতায়েন কৰি কাৰ্যতঃ ঘেৰি পেলোৱা হয় যন্তৰ-মন্তৰ এলেকাটো। দিল্লী আৰক্ষীৰ তৰফৰ পৰা পূৰ্বতেই জনাই দিয়া হৈছিল যে সংসদ অভিযানৰ বাবে চিজেপিৰ তৰফৰ পৰা আৰক্ষীৰ ওচৰত কোনোধৰণৰ অনুমতি বিচৰা হোৱা নাই। দিল্লীৰ এগৰাকী আৰক্ষী বিষয়াই স্পষ্টকৈ জনাই দিয়ে যে সমদল সংসদৰ ফালে আগবাঢ়িলে তাক ৰোধ কৰা হ’ব। সংসদ আৰু ওচৰ-পাঁজৰৰ এলেকা উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰ অধীনস্থ। ফলত তাত কোনোধৰণৰ কাৰ্যসূচী আইন-শৃংখলাৰ বাবে শংকাপূর্ণ। লগতে এই সময়ত যান-জটৰ সম্ভাৱনাও থাকে। ফলত সংসদ অভিযানৰ দৰে কোনো কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব। সেই পথেৰে আগবঢ়া যিকোনো সমদল ৰোধ কৰাটোৱেই আৰক্ষীৰ দায়িত্ব। সেইমতে সোমবাৰে পুৱাৰ ভাগতে আন্দোলনকাৰীসকলে বেৰিকেড ভঙাৰ চেষ্টা কৰোঁতে সৃষ্টি হয় খণ্ডযুদ্ধৰ। এনে অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে লাঠীচালনা কৰিবলৈ আৰম্ভ কৰে আৰক্ষীয়ে। লগতে নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকাত দিল্লীৰ পাঁচটা অত্যন্ত গুৰুত্বপূৰ্ণ মেট্র’ ষ্টেচন ক্রমে-ৰাজীৱ চ’ক, জনপথ, পেটেল চ’ক, চেন্ট্রেল ছেক্রেটেৰিয়েট আৰু সেৱা তীৰ্থ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয়। যন্তৰ-মন্তৰৰ বাহিৰে সকলো ঠাইতে পাঁচ বা ততোধিক মানুহৰ সমাৱেশ নিষিদ্ধ কৰা হয়। দুই পক্ষৰ সংঘৰ্ষত কেবাজনো আৰক্ষী জোৱানৰ লগতে বহু প্ৰতিবাদকাৰী আহত হয় ৷ দিল্লী আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে হোৱা এই প্ৰতিবাদৰ ফলত কেইবাজনো জ্যেষ্ঠ বিষয়াকে ধৰি ১১৮ জনতকৈ অধিক আৰক্ষী জোৱান আহত হয় ৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰায় ৭০ জন প্ৰতিবাদকাৰীক আটক কৰিছে । এই তথ্য দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে ৷ দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, প্ৰতিবাদকাৰীসকলে বাৰে বাৰে আৰক্ষীৰ আবেদন আৰু আইনী নিৰ্দেশনাক আওকাণ কৰিছিল ৷ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল আৰু চৰকাৰী বাহন ভাঙি পেলোৱাৰ লগতে বহু ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰিছিল, যাৰ বাবে কেবাজনো প্ৰতিবাদকাৰীক আটক কৰা হৈছে ৷ দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, এই হিংসাত্মক ঘটনাত ১১৮ জনতকৈ অধিক আৰক্ষী জোৱান আহত হৈছে । আহতসকলৰ ভিতৰত বিশেষ আয়ুক্ত, যুটীয়া আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, ডিচিপি, অতিৰিক্ত ডিচিপি আৰু এচিপিৰ পদবীৰ জ্যেষ্ঠ বিষয়াও আছে । ইয়াৰ ভিতৰত কেইবাগৰাকী মহিলা আৰক্ষী বিষয়াও আহত হৈছে । এই সংঘৰ্ষৰ সময়ত প্ৰায় ৬০ জন প্ৰতিবাদকাৰীও আহত হোৱাৰ খবৰ পোৱা গৈছে । আহত আৰক্ষী জোৱানসকলৰ চিকিৎসা বৰ্তমান চিকিৎসালয়ত চলি আছে ৷ আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদৰ সময়ত ১৫ৰ পৰা ২০খন চৰকাৰী বাহনৰ লগতে অন্যান্য চৰকাৰী সা-সম্পত্তিৰ ক্ষতিসাধন হয় । এই ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে প্ৰায় ৭০ জন প্ৰতিবাদকাৰীক আটক কৰে ৷ দিল্লী আৰক্ষীয়ে জনোৱা মতে, সংঘৰ্ষ, চৰকাৰী কৰ্মচাৰীৰ ওপৰত আক্ৰমণ, ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, আইন অনুসৰি আইন-শৃংখলা আৰু হিংসাত ব্যাঘাত জন্মা সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।উল্লেখ্য যে সোমবাৰৰ পৰাই আৰম্ভহৈছে সংসদৰ বর্ষাকালীন অধিৱেশন। এনে পৰিস্থিতিত চিজেপিৰ সংসদ অভিযানক লৈ পূৰ্বৰে পৰাই সতর্ক আছিল দিল্লী আৰক্ষী। সংসদ ভৱনৰ দিশে আগবঢ়াৰ পথত বিক্ষোভকাৰীসকলক ছত্রভংগ দিয়াবলৈ শ্রমশক্তি ভৱনৰ ওচৰত লাঠীচালনা কৰে আৰক্ষীয়ে। কন্দুৱা গেছো প্রয়োগ কৰা হয়। তাৰ পিছতো বিক্ষোভকাৰীসকলৰ একাংশই সংসদ ভৱনৰ দিশে আগবাঢ়িলে চেষ্টা চলায়। কেইবাজনো বিক্ষোভকাৰীক আটক কৰে আৰক্ষীয়ে। চিজেপি প্রতিষ্ঠাতা অভিজিৎ দীপককো আৰক্ষীয়ে আটক কৰিছে বুলি দাবী কৰিছে বিক্ষোভকাৰীসকলে। অৱশ্যে এই দাবী অস্বীকাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন কৰি আহিছে ক’কৰোচ জনতা পার্টীয়ে। তেওঁলোকৰ সমর্থনত যোৱা ২৮ জুনৰ পৰা যন্ত্ৰৰ-মন্তৰত অনির্দিষ্টকালীন অনশনত বহে সমাজকর্মী সোণম বাংচুক। ২১ দিনৰ মূৰত তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হয়।
