শিৱসাগৰ-চৰাইদেউ-যোৰহাটত ভয়ংকৰ পৰিস্থিতি
ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্রবল বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ পিছত অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদিকে ধৰি কেইবাখনো জিলা ভয়ংকৰ বানৰ কবলত পৰিছে। নিমিষতে বহু গাঁও বাঢ়নী পানীত বুৰ যোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা খেতি পথাৰৰ শস্য এই বানত উছন যায়। দেওবাৰৰ পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ পৰিণতিত উজনিৰ দিহিং, দিচাং, দিখো, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, নামতি, দেওপানী আদিকে ধৰি প্ৰায়বোৰ সৰু-বৰ নৈ, উপনৈ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ পৰিণতিত উল্লিখিত জিলাসমূহৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। সংহাৰী বানে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বিস্তীর্ণ অঞ্চলৰ শ শ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ বাসগৃহ আৰু পশুধনৰ বিস্তৰ ক্ষতি কৰিছে। কেৱল ইমানেই নহয়, শাওণমহীয়া এই বাৰিষাৰ বতৰত কৃষিপথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে। সামগ্রিকভাৱে বান পৰিস্থিতিত ১০জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ পিছতে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা দিখৌ, দিচাং, জাঁজী আদিকে ধৰি কেইবাখনো সৰু-বৰ নৈ ফেনে ফোটোকাৰে উপচি পৰাৰ ফলত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বিস্তীর্ণ অঞ্চলত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ জিলাৰ লাকুৱা, গড়গাঁও, শিলাকুটি, ভাজনি, চণ্টক, গেলেকী, বিহুবৰ, নাজিৰা, শিমলুগুৰি, কালুগাঁও, ধলগুৰি, জয়সাগৰ, সোণাৰি, আমগুৰি আদি অঞ্চলৰ শ শ গাঁও পানীৰ তলত বুৰ গৈছে। নিৰাপদ ঠাই বিচাৰি বন্যার্তই হাহাকাৰ কৰিবলগীয়া হৈছে। বানৰ কবলত বহু অঞ্চলৰ ঘৰৰ মূধচৰ ওপৰেৰে পানী বাগৰিছে। যোৰহাট জিলাতো জাঁজীৰ বানে কালৰূপ ধাৰণ কৰিছে। যোৰহাট জিলাৰ বিস্তীর্ণ অঞ্চল প্রলয়ংকৰী বানৰ কবলত পৰিছে। জিলাখনৰ লাহিং, কলিয়াপানী, চেলেংহাট, টীয়ক, মৰিয়নি আদি অঞ্চলৰ বহু গাঁও পানীৰ তলত। কাকজান, মুদৈজান, টীয়ক আৰু জাঁজী নৈৰ জলস্তৰ বৃদ্ধি পাই থকাৰ ফলত অঞ্চলবিলাকত বান পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে যোৱা নিশা জাঁজীৰ প্রলয়ংকৰী বানে হাঁহচৰা আৰু বনাই (ধনতোলা) অঞ্চলত মথাউৰি ভগা অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। টীয়ক ৰাজহ চক্র বিষয়া বেদান্ত বৰুৱাই জানিবলৈ দিয়া মতে দুপৰীয়াপর্যন্ত টীয়ক ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ৩০০ পৰিয়ালক উদ্ধাৰ কৰা হৈছে। আনহাতে, টীয়কৰ সংহাৰী বানত দুজন লোকৰ মৃত্যু ঘটিছে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, কালৰূপী বানত ৰাজৈ চাহ বাগিচাৰ অর্জুন কৰ্মকাৰ নামৰ এজন ২৫ বছৰীয়া যুৱকৰ পানীত পৰি মৃত্যু হোৱাৰ বিপৰীতে মৰিয়নি সমষ্টিৰ লুখুৰাখন গাঁৱৰ ললিত গগৈ নামৰ এজন লোকৰো বানত পৰি মৃত্যু হৈছে। স্মৰ্তব্য যে জিলাখনৰ টীয়ক অঞ্চলত কাকজান আৰু টীয়ক নৈৰ বাঢ়নী পানীত ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত বুৰ যোৱাত উজনি-নামনিৰ মাজত যাতায়াত ব্যাহত হৈ পৰিছে। শ শ যান-বাহন এতিয়াও ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আবদ্ধ হৈ আছে। ইপিনে, শিৱসাগৰ জিলাৰ শিমলুগুৰিত বিস্তীর্ণ বানে ৰে’লপথ ছিঙি নিয়াত ৰে’ল যোগাযোগ ব্যাহত হৈ পৰিছে। শিৱসাগৰ জিলাৰ নাজিৰা, চৰাইদেউ জিলাৰ সোণাৰি আদিকে ধৰি বিস্তীর্ণ অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নাজিৰা ৰাজহ চক্ৰৰ অধীনৰ ১২৬খন গাঁৱৰ আটাইকেইখন গাঁৱেই পানীৰ তলত বুৰ গৈছে। শিৱসাগৰ আৰু চৰাইদেউৰ বানত আক্রান্ত লোকসকলক উদ্ধাৰৰ বাবে চাৰিখনকৈ বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। তাৰ উপৰি জিলা দুখনৰ উদ্ধাৰ কাৰ্য চলাবৰ বাবেই ৩০খনতকৈও অধিক এছডিআৰএফ, এনডিআৰএফৰ নাও ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে শিৱসাগৰ আৰু চৰাইদেউৰ বান পৰিস্থিতি পৰ্যবেক্ষণ আৰু সাহায্য প্রদান ব্যৱস্থা তদাৰক কৰিবৰ কাৰণে মন্ত্রী সুশান্ত বৰগোহাঁইৰ লগতে মন্ত্রী কেশৱ মহন্ত আৰু বিমল বড়াক মুখ্যমন্ত্রীয়ে নিয়োগ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তিনিওজন মন্ত্ৰীয়ে জিলা দুখনৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযান আৰু তদাৰক কৰিছে। মন্ত্রী কেশৱ মহন্তই যোৰহাট জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। ইফালে, প্রলয়ংকৰী বানৰ মাজতে তিতাবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। তিতাবৰৰ সমীপৰ পাণবাৰী চাহ বাগিচাৰ দৈজানৰ এটা সুতিত বাঢ়নী পানীত পৰি দুগৰাকী কিশোৰী ছাত্ৰীয়ে অকাল মৃত্যুক সাবটি লয়। মৃত ছাত্রী দুগৰাকী হৈছে দৈজানৰ বুবুল মিৰ্ধাৰ ১৪ বছৰীয়া কন্যা সুস্মিতা মির্ধা আৰু ধৰ্মা পাহাৰীয়াৰ ১৬ বছৰীয়া কন্যা ছোনিয়া পাহাৰীয়া। ঢকুৱাখনাতো বলাহিজান নামৰ নৈত গা ধুবলৈ গৈ মৃত্যু হৈছে নীহাৰিকা দাস আৰু বিকাশ দাস নামৰ দুগৰাকী কিশোৰ-কিশোৰীৰ। আনহাতে, প্রলয়ংকৰী বানত নাজিৰাৰ ৰজাপুল অঞ্চলত নিশাৰাণী দুৱৰা আৰু নিৰুপমা দুৱৰা নামৰ দুগৰাকী মহিলা বানত উটি যায়। তেতেলীগুৰি অঞ্চলতো জয়ন্ত বৰুৱা নামৰ এজন লোকে গড়ালৰ পৰা ওলাই যোৱা হাঁহ ধৰিবলৈ গৈ পানীৰ কোবাল সোঁতত উটি যায়। ইফালে, চণ্টক পাঁচআলিতো চিংকী বেগম নামৰ এগৰাকী মহিলা প্রবল সোঁতত উটি যোৱাৰ পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। উক্ত স্থানতে আন এজন যুৱকো আজি সন্ধানহীন হয়। আনহাতে নাজিৰা হোলাং কাটনিতো ৰ’জ নেওগ নামৰ এজন ৫৮ বছৰীয়া লোক সন্ধানহীন হৈ আছে। ইফালে গড়মূৰ ছটাইৰ ৪ গৰাকী ব্যক্তিৰ সন্ধানহীনৰ বাতৰি পোৱা গৈছে। বাতৰি লিখা পৰলৈকে অঞ্চলটোত দুটা মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। গেলেকী অঞ্চলত নামদাং, ডেনচী, দৈখনা আৰু বৰনৈৰ বাঢ়নী পানীয়ে সমগ্র গেলেকী অঞ্চলৰ প্রায় কুৰিখনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। নৈকেইখনৰ প্রলয়ংকৰী বানে শিঙিবিল, লাহন গাঁও, মৰাণ গাঁও, ওখটিং, বৰহোলা, সোণাপুৰ, চৰাইসজীয়া, আঠখেল, গেলেকী চাৰিআলি আদিকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়ালক সর্বস্বান্ত কৰে। ইফালে, দিখৌৰ প্রলয়ংকৰী বানে চণ্টক, বিহুবৰ, কেন্দুগুৰি, শিমলুগুৰি আদি অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰে। মহকুমাটোত ওখ ঠাইৰূপে পৰিচিত নাজিৰা নগৰত সৃষ্টি কৰিলে অকল্পনীয় অৱস্থাৰ। ৫০ৰ দশকত হোৱা দিখৌৰ প্রলয়ংকৰী বানকো চেৰ পেলাই আজি দিখৌৰ বলিয়া বানে সমগ্ৰ নগৰখন একপ্ৰকাৰ ধুই পেলায়।
