দুটা মেকুৰী আৰু এটা বান্দৰ
এছ ইছলাম, শিক্ষক, বৰপেটা
এসময়ত দুটা মেকুৰীয়ে এদিন
ক’ৰবাৰ পৰা চুৰ কৰিছিল এখন পিঠা
সমানে ভগাই লওঁতে সিহঁত
দুয়োজনৰ মাজত লাগিল বৰ লেঠা।
বাটত লগ পাই বান্দৰ ককাই
সমানে ভগাবলৈ ক’লে দুয়ো বোন্দাই
লৈ আহিল বান্দৰে তুলাচনী এটা
একামোৰ খায় যিফালে হয় গধুৰ ।
জোখতে জোখতে আধা শেষ হ’ল
গছত উঠিল বান্দৰে বাকী অংশলৈ
বেচেৰা মেকুৰী দুজনীয়ে বেজাৰ মনেৰে
মুখ চেলেকি চেলেকি গুচি গ’ল ঘৰলৈ।
কাজিয়াৰ ফল মুৰ্খ মেকুৰী দুটাই
হাতে হাতে পালে,
কেতিয়াও নিজৰ মাজত কাজিয়া নকৰিবা
মেকুৰীৰ দৰে সদায় বিফল হ’বা।