3.8 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অসমক, কেন্দ্ৰস্থল শোনিতপুৰ জিলা

pc-istock

অনলাইন বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় ভূমিকম্পন কেন্দ্ৰই জনায় যে ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই আজি (৩১ মে’ সোমবাৰ) পুৱা ৯:৫০ বজাত শোনিতপুৰ জিলাক জোকাৰি গৈছিল। এতিয়ালৈকে কোনো ক্ষতি বা হতাহতহোৱাৰ খবৰ পোৱা হোৱা নাই। গুৱাহাটীতো আজি পুৱা মৃদু কম্পন অনুভৱ কৰা হৈছিল। যোৱা ২৮ এপ্ৰিলতো, ২০২১ তাৰিখে পুৱা প্ৰায় ৭:৫২ বজাত গুৱাহাটীৰ বেছিভাগ অংশ কঁপি উঠা ৰিখটাৰ স্কেলত ৬.৪ জোখৰ ডাঙৰ কম্পনৰ পিছৰে পৰা শোণিতপুৰে বাৰে বাৰে আঘাতৰ সন্মুখীন হৈ আছে।আজিৰ ভুমিকম্পৰ কেন্দ্ৰস্থল আছিল শোনিতপুৰ।